এইমছত এম বি বি এছৰ নামভর্তিৰ নামত প্রৱঞ্চনাঃ কোটি কোটি টকা আত্মসাৎ কৰি আত্মগোপন ভুৱা চিকিৎসক তৃষা পেগুৰ
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: এইমছত এম বি বি এছ পাঠ্যক্রমত নামভর্তি কৰি দিয়াৰ নামত প্রৱঞ্চনাৰ জাল পেলাই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছে এগৰাকী সুন্দৰী যুৱতীয়ে৷ নিজকে এইমছৰ পৰা এম বি বি এছ ডিগ্রীধাৰী বুলি চিনাকি দি প্রৱঞ্চনাৰ জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰিছে তৃষা পেগু নামৰ যুৱতীগৰাকীয়ে৷
ধেমাজিৰ ৰামপ্রসাদ পেগু আৰু বিনীতা পেগুৰ কন্যা তৃষাই নিজকে এইমছৰ পৰা ২০১৭ চনত এম বি বি এছ ডিগ্রী লাভ কৰা বুলি চিনাকি দি বিভিন্নজনৰ পৰা লাখ লাখ টকা প্রৱঞ্চনাৰে আত্মসাৎ কৰি আহিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বহুকেইজন লোক ভুৱা চিকিৎসক তৃষা পেগুৰ প্রৱঞ্চনাৰ বলি হৈছে৷
ধেমাজি সদৰ থানাত তৃষা পেগুৰ বিৰুদ্ধে ভুক্তভোগী দুগৰাকী মহিলাই গোচৰ ৰুজু কৰিছে৷ ৰুবী ভূঞা চুতীয়া আৰু ৰুবী কুটুম নামৰ মহিলা দুগৰাকীৰ পৰা তৃষাই এইমছত এম বি বি এছ পাঠ্যক্রমত তেওঁলোকৰ সন্তানক নামভর্তি কৰি দিয়াৰ নামত কেইবালাখ টকা আদায় লয়৷ এইমছৰ ভুৱা নথি–পত্র প্রস্তুত কৰি তৃষাই ৰুবী কুটুম নামৰ মহিলাগৰাকীৰ পৰা কিস্তি কিস্তিকৈ ১৮ লাখ টকা আত্মসাৎ কৰে৷ নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এইমছত নামভর্তি কৰিবলৈ এনেদৰে লাখ লাখ টকা আদায় দিছিল প্রৱঞ্চক তৃষা পেগুক৷ পাছত তৃষা পেগুৱে প্রদান কৰা এইমছৰ নথি–পত্র জাল বুলি প্রমাণিত হোৱাত ভুক্তভোগী পৰিয়ালটোৱে ধেমাজি সদৰ থানাত এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০/৪৬৮ ধাৰাৰ অধীনত ৪৫৮/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ ৰুবী কুটম নামৰ স্বামীহীনা মহিলাগৰাকীয়ে প্রৱঞ্চক তৃষা পেগুক সাচতীয়া ধন আদায় দি সর্বস্বান্ত হৈ পৰে৷ ভুক্তভোগী মহিলাগৰাকীয়ে এতিয়া ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ কেৱল ৰুবী কুটুমেই নহয়, প্রৱঞ্চক তৃষাই ধেমাজিৰ আৰু বহু লোকৰ পৰা এইমছত এম বি বি এছ পাঠ্যক্রমত নামভর্তি কৰি দিয়াৰ নামত প্রৱঞ্চনাৰে ১৮–২০ লাখকৈ টকা আত্মসাৎ কৰিছে৷ প্রৱঞ্চক তৃষাই অৰুণাচলৰ কেইবাগৰাকী চিকিৎসকৰ পৰাও লাখ লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
সম্প্রতি অৰুণাচলত আত্মগোপন কৰি থকা তৃষা পেগুৱে যোৰহাটৰ এ জি নার্ছিং হোমত আৱাসিক চিকিৎসক হিচাপে কর্মৰত বুলিও এখন প্রমাণ–পত্র উলিয়াইছে৷ প্রতিদিনে ন ন কৌশল অৱলম্বন কৰি তৃষাই বিভিন্নজনৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি বিলাসী জীৱন যাপন কৰি আহিছে৷ তৃষা পেগুক এইক্ষেত্রত পিতৃ ৰামপ্রসাদ পেগু আৰু মাতৃ বিনীতা পেগুৱে সহযোগিতা আগবঢ়াই অহা বুলি ভুক্তভোগী ৰুবী কুটুমে অভিযোগ কৰিছে৷ এইগৰাকী প্রৱঞ্চক তৃষা পেগুৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ ভুক্তভোগী পৰিয়ালটোৱে ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷