আজিৰে পৰা পাছ হ’ব মার্চৰ দৰমহা পেন্সনৰ বিল
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ৰাজ্যিক কর্মচাৰী–পেন্সনাৰসকলৰ বাবে সুখবৰ৷ আজিৰ পৰা কর্মচাৰী–পেন্সনাৰসকল মার্চ মাহৰ দৰমহা, পেন্সন, মজুৰিৰ বিল পাছ কৰিবলৈ কোষাগাৰসমূহক নির্দেশ দিছে বিত্ত বিভাগে৷ বিত্ত (বাজেট) বিভাগে মঙলবাৰে প্রতিটো বিভাগৰ মুৰব্বী, ডিডিঅ’ আৰু কোষাগাৰসমূহৰ বিষয়াক এক তাঁৰবার্তাযোগে সেই নির্দেশনা প্রদান কৰে৷ তাঁৰবার্তাটোত উল্লেখ কৰা অনুসৰি বিত্ত বিভাগে সকলো ডিডিঅ’লৈ দৰমহা বাজেট প্রেৰণ কৰিছে৷ সেয়েহে বিভাগীয় মুৰব্বীসকলক দৰমহাৰ বাজেট প্রদান কৰিবলৈ নির্দেশ দিয়ে৷