নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ সলনি ধুবুৰীৰ পৰা ৰাজনৈতিক সভাৰ সূচনা কৰক গৌৰৱ গগৈ-য়ে

বিজেপি দল আৰু চৰকাৰৰ বিপক্ষে থকা এচাম ব্যক্তিয়ে গৌৰৱ গগৈক আমাৰ বিৰুদ্ধে নিক্ষেপ কৰিছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জুন : ‘সাংসদ গৌৰৱ গগৈ গৌৰৱ গগৈয়ে পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ সলনি ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব।’– এই টিপ্পনী মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসংখ্য কল্পনা-জল্পনাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিৰ্বাচিত হৈ সাংসদ গৌৰৱ গগৈয়ে গৃহজিলা যোৰহাটত উপস্থিত হোৱাৰ পাছত মন্ত্ৰী হাজৰীকাই সামাজিক মাধ্যমযোগে এইদৰে কটাক্ষ কৰে গগৈক। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে গৃহ জিলাত উপস্থিত হোৱাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীক দলীয় কৰ্মী আৰু সমৰ্থকসকলে আদৰণি জনায়। গৌৰৱ গগৈ যোৰহাটত উপস্থিত হোৱাৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমযোগে বিশেষ টিপ্পনী দিয়া পৰিলক্ষিত হয়। মন্ত্ৰী হাজৰীকাৰ এই টিপ্পনীয়ে যথেষ্ট চৰ্চাও লাভ কৰা দেখা গৈছে। তেখেতে সাংসদ গগৈক সামাজিক মাধ্যমযুগে কৰা টিপ্পনীটো এনেধৰণৰ– সাংসদ শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়া, আজি এটা বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিব বিচাৰিছোঁ– পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ পৰা নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব। আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমখন সভাত মাত্ৰ ৫০০ লোকৰ উপস্থিতি দেখিবলৈ পালোঁ। মোৰ বিশ্লেষণ অনুসৰি, আগন্তুক দিনবোৰত আপোনাৰ সভাত উপস্থিত থাকিব পৰা লোকৰ আনুমানিক পৰিসংখ্যা আগবঢ়াইছোঁ, অলপ ইফাল-সিফাল হ’বও পাৰে– যোৰহাট: ৫০০, নগাঁও: ৫,০০০, বৰপেটা: ১০,০০০, ধুবুৰী: ৫০,০০০। গতিকে ভৱিষ্যতৰ ৰাজনৈতিক সভাসমূহ ধুবুৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে সেই বিশেষ স্থানসমূহ সামৰি পৰিকল্পনা এটা কৰিব পাৰে। নিশ্চয় সুফল পাব বুলি আশা কৰিছোঁ।’

স্মৰ্তব্য যে, দলীয় কৰ্মী-সমৰ্থকক কৃতজ্ঞতা জনাই ৰাইজক বিজেপি দলৰ পৰা ‘উদ্ধাৰ’ কৰিবলৈ সাংসদ গগৈয়ে দায়িত্ব লৈছে বুলি ৰাইজক সম্বোধন কৰি উল্লেখ কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে সামাজিক মাধ্যমত দিয়া পোষ্টটোৱেও বিশেষ তাৎপৰ্য বহন কৰা দেখা গৈছে।

আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো গৌৰৱ গগৈকল তীব্ৰ সমালোচনা কৰি কয়– গৌৰৱ গগৈ যে এজন পাকিস্তান প্ৰেমী, সেই কথা লাহে লাহে এতিয়া সকলোৱে গম পাব। তেওঁ ফিল্ডত যোৱা আৰম্ভ কৰিলেই ৰাইজে ভালকৈ গম পাব। বিগত পঞ্চায়ত নিৰ্বাচনত য’ত কংগ্ৰেছ দলে ভোট পাইছিল, ধুবুৰী, মানকাচৰ আদিৰ পৰা গৌৰৱ গগৈয়ে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে ভাল। পঞ্চায়ত নিৰ্বাচনত যোৰহাটতটো তেওঁলোকৰ ফলাফল একেবাৰেই শোচনীয়। আমাক য’ত ভোট দিয়ে, আমি প্ৰথমে সেই স্থানত গৈ ৰাইজক ধন্যবাদ দিওঁ। গৌৰৱ গগৈয়েও তেওঁৰ দলক ভোট দিয়া মানুহক প্ৰথমে ধন্যবাদ দিয়াটো ভাল।’

বিজেপি দল আৰু চৰকাৰৰ বিপক্ষে থকা এচাম ব্যক্তিয়ে গৌৰৱ গগৈক নিক্ষেপ কৰিছে বুলি মন্ত্ৰী বৰুৱাই লগতে কয়– আমাৰ দলৰ আৰু চৰকাৰৰ বিপক্ষে এচাম ব্যক্তি আছে। তেওঁলোকে মাজে মাজে কিছুমান ব্যক্তিক আমাৰ বিৰুদ্ধে নিক্ষেপ কৰি থাকে। মাহতে অখিল গগৈ, লুৰীণজ্যোতি গগৈক নিক্ষেপ কৰিছিল। এইবাৰ গৌৰৱ গগৈক নিক্ষেপ কৰিছে। কিন্তু ইয়াৰ দ্বাৰা একো লাভ নহয়। সামাজিক মাধ্যমৰ প্ৰক্ৰিয়াটো অলপ বেলেগ ধৰণৰ। গৌৰৱ গগৈক সমৰ্থন কৰা পেজবিলাক চাই থকাসকলে তেওঁৰ সমৰ্থনত প্ৰচাৰিত বাতৰি প্ৰত্যক্ষ কৰে। কিন্তু যিসকলে জানে যে গৌৰৱ গগৈ পাকিস্তান প্ৰেমী, পাকিস্তানৰ সমৰ্থক, তেওঁলোকে গৌৰৱ গগৈৰ আচল স্বৰূপ বা বাতৰিসমূহ গম পায় বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।

You might also like