নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে দত্ত–দিবন ডেকাৰ সম্পত্তিৰ তদন্ত কৰিব ইডিয়ে

নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষা কেলেংকাৰিৰ ম’ষ্ট ৱাণ্টেড খলনায়ক পি কে দত্ত আৰু আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা বিতর্কিত প্রাক্তন বিজেপি নেতা দিবন ডেকাৰ সম্পত্তিৰ তদন্ত কৰিব এনফ’চমেণ্ট ডিৰেক্টৰেটে৷ উল্লেখ্য যে এছ আই পদৰ পৰীক্ষা কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতে অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্ত আৰু সদ্যনিলম্বিত বিজেপি নেতা দিবন ডেকাৰ বিশাল সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে৷ নিজ কার্যকালত পি কে দত্তৰ বিৰুদ্ধে অবৈধভাৱে সম্পত্তি আহৰণ কৰাৰ অভিযোগ থকাৰ পাছত শেহতীয়াভাৱে এছ আই কেলেংকাৰিত জড়িত হৈ পৰা দত্তৰ নামে–বেনামে থকা বহু সম্পত্তিৰ তথ্য চি আই ডি আৰু ক্রাইম ব্রাঞ্চৰ তদন্তত ওলাই পৰিছে৷ গুৱাহাটীৰ কেইবাস্থানত চাৰিখনকৈ বিলাসী হোটেল, অভিজাত বাসগৃহ, কেইবা একৰ ভূমি জুৰি থকা দুখনকৈ চাহ বাগিচা, কেইবাবিঘা মাটিৰ উপৰি পি কে দত্তৰ মুম্বাইৰ আন্ধেৰীতো দুটাকৈ ফ্লেট থকাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ অসমর্থিত সূত্রে প্রকাশ পোৱা তথ্য মতে, দুর্নীতিৰ সদাগৰ কুখ্যাত পি কে দত্তৰ প্রায় দুশ কোটি টকাৰ স্থাবৰ–স্থাবৰ সম্পত্তি আছে৷ ইফালে, পঞ্চায়ত আৰু গ্রামোন্নয়ন, জনসংযোগ বিভাগৰ চাকৰিত ধনৰ বিনিময়ত বহু প্রার্থীক নিযুক্তি দি বিতর্কিত দিবন ডেকাই বহু টকা আহৰণ কৰা বুলি অভিযোগ উঠিছে৷ বিজেপিৰ কিষাণ মর্চাৰ ৰাষ্ট্রীয় সদস্য হিচাপে কিছুদিন পূর্বলৈকে কার্যনির্বাহ কৰি থকা দিবন ডেকাৰ মহানগৰীত ফ্লেট, দুখনকৈ বিলাসী গাড়ীৰ লগতে বিশাল সম্পত্তি আছে৷ বিজেপিৰ মজলীয়া পর্যায়ৰ প্রাক্তন নেতাজনে কিদৰে বিশাল সম্পত্তিৰ গৰাকী হ’ল, তাৰ তথ্য বিচাৰিব এনফ’চমেণ্ট ডিৰেক্টৰেট অর্থাৎ প্রৱর্তক সঞ্চালকালয়ে৷ অর্থনৈতিক অপৰাধ সংক্রান্তীয় বিষয়ৰ তদন্ত কৰা কেন্দ্রীয় সংস্থাটোৱে পি কে দত্ত আৰু দিবন ডেকাৰ বিশাল সম্পত্তিৰ লগতে দিবন ডেকাৰ সম্পত্তিৰ উৎস কি তাৰ তদন্ত কৰিব৷ ইফালে, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰা পি কে দত্ত আৰু দিবন ডেকাৰ সম্পত্তিৰ তথ্য দিবলৈ ৰাইজকো তদন্তকাৰী সংস্থাটোৱে আহ্বান জনাব৷ এনফ’চমেণ্ট ডিৰেক্টৰেটৰ এক সূত্রই এই কথা জানিবলৈ দি কয় যে এছ আই পৰীক্ষা কেলেংকাৰিৰ খলনায়ক দুজনৰ বিৰুদ্ধে আয়কৰ বিভাগেও তদন্ত কৰিব৷ পৰৱর্তী সময়ত পি কে দত্ত আৰু দিবন ডেকাৰ সম্পত্তিৰ তদন্ত চলাই এই সন্দর্ভত যৌথভাৱে এখন প্রতিবেদন দাখিল কৰিব৷ দুয়োজন অভিযুক্তৰ সম্পত্তিৰ তথ্য সন্দর্ভত প্রতিবেদন দাখিলৰ পাছতে প্রৱর্তক সঞ্চালকালয়ে আয়ৰ সামঞ্জস্য নাপালে আদালতৰ নির্দেশমর্মে সম্পত্তি জব্দ কৰিব৷

You might also like