নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘য’তেই নাথাকক কিয় শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পি কে দত্ত’

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ নেপাল নালাগে যতেই নাথাকক কিয় শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ কেলেংকাৰীত জড়িত পি কে দত্ত। এই মন্তব্য ADGP জি পি সিঙৰ।

অসম আৰক্ষীৰ মষ্ট বান্টেড পি কে দত্তৰ বিচাৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। দিবন ডেকা সন্দৰ্ভতো মন্তব্য কৰে ADGP গৰাকীয়ে। পুনৰ নলবাৰীত অভিযান চলোৱা হ’ব। দিবন ডেকাক ৰাজ আতিথ্য দিয়াৰ অভিযোগ উঠিছিল এই সন্দৰ্ভত তেওঁ কয় যে জীৱনৰ প্ৰতি ভাবুকি থকাৰ বাবেহে দিবন ডেকাক SBৰ লকআপত ৰখা হৈছে।  তেওঁক কোনোধৰণৰ ৰাজআতিথ্য প্ৰদান কৰা হোৱা নাই।

You might also like