নকছাৰী মহাবিদ্যালয় এন এছ এছ গোটৰ উদ্যোগত বিশ্ব চাইকেল দিৱস উদযাপন উপলক্ষে গছপুলি ৰোপণ
বিশেষ বাৰ্তা, ৩ জুনঃ চাইকেল পৰিবহণ ব্যৱস্থাৰ একেবাৰে কম খৰচী মাধ্যম হোৱাৰ লগতে চাইকেল চালনা স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী আৰু ই পৰিবেশ অনুকূল এক ব্যৱস্থা । কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত চাইকেল চলোৱাৰ অভ্যাস কমি অহা দেখা গৈছে । সেয়েহে চাইকেল চলোৱাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে জনসাধাৰণৰ মাজত চাইকেলৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মৰিয়নিৰ সমীপৰ নকছাৰী মহাবিদ্যালয়ৰ এন এছ গোটৰ উদ্যোগত আজি ৩ জুনত বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি এক চাইকেল ৰেলী উলিওৱা হয় । নকছাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ আঁচনি বিষয়া ড° দিনমণি গগৈৰ নেতৃত্বত উলিওৱা এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই আৰু বিশেষভাৱে সহযোগ কৰে নকছাৰী মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সমন্বয়ক ড° জয়ন্ত চুতীয়াই । মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ প্ৰায় ৩০ গৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে । নকছাৰী অঞ্চলৰ বিভিন্ন স্থানৰ মাজেৰে চাইকেল ৰেলী কৰি চাইকেল চলোৱাৰ উপকাৰিতাৰ সম্পৰ্কে স্বেচ্ছাসেৱক- স্বেচ্ছাসেৱিকাসকলে জনসাধাৰণক অৱগত কৰে । আনহাতে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এক গছ পুলি ৰোপণ কাৰ্য্যসূচীও সম্পন্ন কৰা হয় । মৰঙীয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া পবিত্ৰ ফুকনৰ নেতৃত্বত আৰু নকছাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত মহাবিদ্যালয়ৰ চৌহদত বহু সংখ্যক গছ পুলি ৰোপণ কৰা হয় ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া