নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনা-অৰ্ধসামৰিক বাহিনীয়ে দিব প্লাজমাঃ স্বাস্থ্যমন্ত্ৰীৰে বৈঠক জনতা ভৱনত

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ সেনা-অৰ্ধসামৰিক বাহিনীৰ এশ শতাংশই দান কৰিব প্লাজমা। আজি জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সেনা-অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াৰে হোৱা বৈঠকত এই প্ৰতিশ্ৰুতি দিয়ে সেনা-অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াসকলে।

সেনা-অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ প্লাজমা দান সন্দৰ্ভত অনুষ্ঠিত কৰা বৈঠকত উপস্থিত থাকে আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্য সচিবৰ লগতে সেনা, বি এছ এফ, চি আৰ পি এফ, আই টি বি পি, এছ এছ বিকে ধৰি আন অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াসকল।

স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে সেনা-অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন বিভাগত ১০০ৰ পৰা ৫০০গৰাকীলৈ জোৱান বা বিষয়া ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। সকলোৰে নহ’লেও ছিম্ট’মেটিক ১০ শতাংশ জোৱানৰ প্লাজমাও যদি সংগ্ৰহ কৰা হয়, তেন্তে সেয়াও অতি প্ৰয়োজনীয়। এনেক্ষেত্ৰত সেনা-অৰ্ধসামৰিক বাহিনীৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস লাভ কৰাত স্বাস্থ্যমন্ত্ৰীয়ে তেওঁলোকৰ শলাগ লয়।

প্লাজমা বেংকৰ ক্ষেত্ৰত আজিৰ দিনটোক অতি গুৰুত্বপূৰ্ণ দিন বুলি আখ্যা দি স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত এতিয়ালৈ ১৯০গৰাকী লোকে প্লাজমা দান কৰিবলৈ আহিছিল আৰু ইয়াৰে ৭৯গৰাকী লোক প্লাজমা দান কৰিবলৈ উপযুক্ত বুলি পৰীক্ষাৰ জৰিয়তে বিবেচিত হৈছিল।

আনহাতে এতিয়ালৈ ১২৫টা ইউনিট প্লাজমা সংগ্ৰহ হোৱাৰ লগতে ১১৫গৰাকী লোকক প্লাজমা থেৰাপি দিয়াৰ কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে সাৱধানতা অৱলম্বন কৰিলে আগন্তুক ১০ দিনত গুৱাহাটীত ক’ৰোনাক্ৰান্তৰ সংখ্যা কমাৰ সম্ভাৱনাও ব্যক্ত কৰে।

You might also like