নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী সমৃদ্ধিৰ আত্মনির্ভৰশীল ভাৰত আঁচনিৰ শুভাৰম্ভ মন্ত্রী পীয়ূষৰ

পদপথৰ ব্যৱসায়ীক দহ হাজাৰ টকাৰ চেক প্রদান

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ ফলত দেশৰ জনতাই সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী সমৃদ্ধিৰ আত্মনির্ভৰশীল ভাৰত আঁচনিৰ অধীনত পদপথৰ ব্যৱসায়ীক দহ হাজাৰ টকাকৈ চেক বিতৰণ কৰি সোমবাৰে শুভাৰম্ভ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ উক্ত আঁচনিৰ যোগেদি ধেমাজি নগৰৰ ৯গৰাকী পুৰুষ–মহিলা পদপথৰ ব্যৱসায়ীক নগৰীয়া জীৱিকা অভিযানৰ তত্ত্বাৱধানত চেক বিতৰণৰ শুভাৰম্ভ কৰি নগৰ উন্নয়ন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী হাজৰিকাই চলিত মাহৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন নগৰ–পৌৰ এলেকাৰ পদপথৰ ব্যৱসায়ীক আর্থিক সকাহ দিয়াৰ বাবে বেংকৰ যোগেদি দহ হাজাৰ টকাকৈ সুতবিহীন ঋণ প্রদান কৰা হ’ব বুলি কয়৷ ধেমাজি ডিআৰডিএৰ সভাকক্ষত সাংসদ প্রদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগুৰ লগতে ধেমাজি জিলা উপায়ুক্ত, প্রশাসনিক বিষয়া, ৰাজ্যিক নগৰীয়া অভিযানৰ মিছন সঞ্চালক সুভাষ দাস উপস্থিত থকা চেক বিতৰণ অনুষ্ঠানত মন্ত্রীজনে ধেমাজি নগৰ উন্নয়ন প্রাধিকৰণৰ অন্তর্গত ৫৩০টা পিএমএৱাই নগৰীয়া গৃহৰ আধাৰশিলা স্থাপন কৰি প্রথম কিস্তিৰ ৮০ হাজাৰ টকাকৈ মুঠ ৪.২৪ কোটি টকাৰ চেক বিতৰণ কৰে৷

You might also like