নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ধেমাজিৰ পৰা ৩ বৃহৎ উদ্যোগ ৰাষ্ট্রক উৎসর্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এক যুগান্তকাৰী সংযোজনেৰে ২২ ফেব্রুৱাৰীত তিনিটাকৈ বৃহৎ উদ্যোগ ৰাষ্ট্রৰ বাবে উৎসর্গিত কৰিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

মঙলবাৰে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত আই এন ডি এম এ এক্স ইউনিট, ডিব্রুগডৰ মধুবনত ভাৰতীয় তৈল নিগম (অইল)ৰ ছেকেণ্ডাৰী টেংক ফার্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱত গেছ কম্প্রেছৰ ষ্টেচন স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে৷

আজি এই কথা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আনহাতে, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রৰ বাবে উৎসর্গা কৰিব লগা প্রকল্পকেইটাই স্থানীয় নিয়োগৰ ক্ষেত্রতো যথেষ্ট প্রভাৱ পেলাব বুলি কৈ প্রত্যক্ষ আৰু পৰোক্ষভাৱে ১৭ নিযুত লোকে প্রতিঘণ্টাতে সংস্থাপনৰ সুবিধা লাভ কৰিব বুলি ইণ্ডিয়ান অইল তথা এ অ’ ডিৰ ৰাজ্যিক মুখ্য কার্যবাহী সঞ্চালক জি ৰমেশে মন্তব্য কৰিছে৷

You might also like