নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ মোনাত বঙালী ভাষা

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: বৰাক ভেলীত চৰকাৰী ফলকত অসমীয়া ভাষাত কলা ৰং সনাৰ বিৰ্তকৰ মাৰ নৌযাওতেই এইবাৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ মোনাত বঙালী ভাষা ছপা কৰি বিতৰণ কৰা ঘটনাই প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত মোনাসমূহত স্পষ্টকৈ ছপা আছে বঙালী ভাষা।

ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্হাৰ কুশতলি আঞ্চলিক সমিতিৰ কৰ্ম-কৰ্তাই মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত বিতৰণ কৰা মোনাত বঙালী ভাষাত ছপা প্ৰত্যক্ষ কৰে আৰু এই মোনাবোৰ বিতৰণত বাধা দি জব্দ কৰে।

ইপিনে এনদৰে প্ৰধানমন্ত্ৰী গৰীব অন্ন যোজনাৰ মোনাত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাত ছপা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক সমালোচনা কৰে কুশতলি আঞ্চলিক ছাত্ৰ সন্থাই।

You might also like