নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত–গ্রামোন্নয়ন ১,৪৪৭.৪৭ কোটিৰ স্বনির্ভৰ নাৰী–আত্মনির্ভৰ অসম

মোদীৰ অনুকৰণত অসম চৰকাৰৰ বিভাগে বিভাগে ‘আত্মনির্ভৰ অসম’ৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ক’ভিড–১৯এ সমগ্র বিশ্বৰ লগতে ভাৰততো ত্রাস সৃষ্টি কৰাৰ লগতে দেশখনক আর্থিক দিশত ব্যাপক ক্ষতি কৰে৷ এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ কেন্দ্রীয় চৰকাৰে বিশেষ আর্থিক পেকেজ ঘোষণাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অনাগত দিনত দেশখন যাতে নিজৰ ভৰিত নিজে সবলভাৱে আত্মপ্রকাশ কৰিব পাৰে, তাৰ বাবে আত্মনির্ভৰ ভাৰত গঢ়াৰ ঘোষণা কৰে৷ প্রধানমন্ত্রী মোদীৰ সেই ঘোষণাৰ পাছতেই অসম চৰকাৰেও আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্য স্থিৰ কৰে৷ সেই অনুসৰি যোৱা কেইটামান মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ প্রায় প্রতিটো বিভাগে আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্য আগত ৰাখি নির্দিষ্ট কেতবোৰ কার্যসূচী গ্রহণ কৰে৷ সকলোকে চেৰ পেলাই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলেই ‘স্বনির্ভৰ নাৰী–আত্মনির্ভৰ অসম’ নামৰ এক অভিলাষী প্রকল্প গ্রহণ কৰে৷ মহাত্মা গান্ধী এনৰেগা আৰু কৃষি, উদ্যান শস্য, পশুপালন, পশু চিকিৎসা, মীন, জলসিঞ্চন, বন আৰু পৰিৱেশ, উদ্যোগ আৰু বাণিজ্য, হস্ততাঁত–বস্ত্রশিল্, ৰেচম, শক্তি, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আঁচনিসমূহৰ যৌথ প্রচেষ্টাত এই অভিলাষী আঁচনিখন ৰূপায়ণৰ প্রস্তাৱ ৰখা হৈছে৷ প্রকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে– আত্মসহায়ক গোটসমূহৰ উপার্জন ক্রমবর্ধিতভাৱে ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰা৷ ইয়াৰ বাবে এই প্রকল্পটোত আনুমানিক বাজেট হিচাপে ধার্য কৰা হৈছে ১,৪৪৭.৪৭ কোটি টকা৷ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে ৰাজ্যখনত ফলমূলৰ পুলি, ৰেচমৰ পুলি, আগৰৰ পুলি, বাঁহৰ পুলি, ফার্ম ফৰেষ্ট্রী, তামোলৰ পুলি, ফুলৰ খেতি, হাঁহ–কুকুৰা–গাহৰিৰ্ গড়াল, পুনি পুখুৰী, পতিত মাটিৰ উন্নয়ন, কৃষি পুখুৰী, নাডেপ সাৰ–কেঁচু সাৰ, মৎস্য পালন আদিৰ জৰিয়তে স্বনির্ভৰ নাৰী–আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে৷

‘আমাৰ মাটি, আমাৰ খেতি, আমাৰ জীৱনৰ মূল ভেটি’ক মূলমন্ত্র হিচাপে লৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্তৰ কার্যালয়ৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সহযোগত প্রস্তুত কৰিছে এই অভিলাষী আঁচনিখন৷ মন্ত্রী নৱ দলেৰ মতে, মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনিৰ যোগেদি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তথা কৃষি, উদ্যান শস্য, মীন, পৰিৱেশ আৰু বন, হস্ততাঁত–বস্ত্রশিল্, ৰেচম, পশুপালন, জলসিঞ্চন আদি বিভাগৰ সহযোগত গ্রাম্য জীৱিকা উত্তৰণৰ বাবে গ্রহণ কৰা অভিলাষী বহুমুখী অভিযান ‘স্বনির্ভৰ নাৰী–আত্মনির্ভৰ অসম’ হৈছে অসমৰ অর্থনৈতিক উন্নয়নৰ অর্থে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে হাতত লোৱা এক সময়োচিত পদক্ষেপ৷ অভিলাষী এই প্রকল্পটো ব্যক্তিগত কাম আৰু সমূহীয়া কাম দুটা শিতানত ভাগ কৰা হৈছে৷ ব্যক্তিগত কাম শিতানত ২১৯টা খণ্ডৰ ৬৭,৮২৪টা মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতিটো পৰিয়ালত ৬০টাকৈ ফলমূলৰ পুলি ৰোপণ, ১২টা খণ্ডৰ তিনি হাজাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত ১০০টাকৈ ৰেচম খেতিৰ পুলি ৰোপণ, তিনিটা খণ্ডৰ ১৫০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত ১০০টাকৈ আগৰ খেতিৰ পুলি ৰোপণ, তিনিটা খণ্ডৰ ৫০০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত ৫০টাকৈ বাঁহ খেতিৰ পুলি ৰোপণ, ২১৯টা খণ্ডৰ ২৭,১৩১টা মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত ৬০টাকৈ পুলি ফার্ম ফৰেষ্ট্রী, ২১৯টা খণ্ডৰ ২৭,১৩১টা মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত ৬০টাকৈ তামোলৰ পুলি ৰোপণ, ২১৯টা খণ্ডৰ এহাজাৰ নার্ছাৰীৰ লগতে ফুলৰ খেতি, ১৫২টা খণ্ডৰ ৩২,৭০০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত হাঁহ–কুকুৰাৰ গড়াল স্থাপন, ১৫২টা খণ্ডৰ ২১,৬৯০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত গাহৰিৰ গড়াল স্থাপন, ১৫২টা খণ্ডৰ ১,৫১০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত গোহালি স্থাপন, ১৫২টা খণ্ডৰ ৩,০৪০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্রতি পৰিয়ালত পুনি পুখুৰী স্থাপন, ২১৯টা খণ্ডৰ ৬৭,৭০০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ বাবে কৃষি পুষ্টি বাগানৰ অধীনত পতিত মাটিৰ উন্নয়ন, ১৫২টা খণ্ডৰ ৬১,৭০০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ বাবে কৃষি পুখুৰী স্থাপন, ১৫২টা খণ্ডৰ ৯,১২০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ বাবে নাডেপ সাৰৰ বাবে গাঁত খন্দা, ১৫২টা খণ্ডৰ ৯,১২০ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ বাবে কেঁচু সাৰৰ বাবে গাঁত খন্দা আৰু ১০৪টা খণ্ডত ৪২ হাজাৰটা মৎস্য পালনৰ পুখুৰী স্থাপন কৰা হ’ব৷

সেইদৰে সমূহীয়া কাম হিচাপে ৫০টা খণ্ডত ৫০টা কামৰ চালি নির্মাণ, ৫২টা খণ্ডৰ বাবে ১০৪টা নাডেপ গোট, ৫২টা খণ্ডৰ বাবে ১০৪টা কেঁচু সাৰৰ গোট, ৫২টা খণ্ডৰ বাবে ৫২টা দলীয় জলসিঞ্চন আঁচনিৰ আন্তঃগাঁথনি, ৫২টা খণ্ডৰ বাবে ৫২টা দলীয় জলসিঞ্চন আঁচনিৰ আন্তঃগাঁথনি, ৫২টা কৃষি সামগ্রী সংৰক্ষণৰ পকী ঘৰ নির্মাণ, ২০টা খণ্ডৰ বাবে ২০টা দলীয় নার্ছাৰী, ১৪০টা খণ্ডত ৪২০টা পোনা উৎপাদনৰ পুখুৰী, ১০টা খণ্ডত ১০টা মাছৰ প্রজননৰ পুখুৰীৰ বাবে সৌৰ এইৰেটৰ স্থাপন আৰু ১০টা খণ্ডৰ বাবে ১০টা মাছ শুকোৱা ঠাই নির্মাণ কৰা হ’ব৷ উক্ত ৩,৭২,৮১৬টা ব্যক্তিগত কাম আৰু ৮২২টা সমূহীয়া কামৰ বাবে মুঠ খৰচৰ পৰিমাণ হ’ব ১,৪৪৭.৪৭ কোটি টকা৷ মজুৰি শিতানত ব্যয় হ’ব ৮৯৫.৮০ কোটি টকা আৰু সামগ্রী শিতানত ব্যয় হ’ব ৫৫১.৬৭ কোটি টকা৷

You might also like