ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত কৰে। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ আৰ.ও.পি.ৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা প্ৰদানকৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান আদি বিভিন্ন দাবীত ধুবুৰীস্থ জিলা পৰিষদৰ কাৰ্যালয় চৌহদত ৰূপায়িত হোৱা সেই ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন সমগ্ৰ জিলাখনৰ ১৪টা উন্নয়ন খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে। প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী
নগাঁৱতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ জিলা গ্ৰামোন্নয়ন অভিকৰণ প্ৰাংগণত কাৰ্যালয়ৰ সন্মুখত এইদৰে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত, সকলো কৰ্মচাৰীৰ ROP ব্যৱস্থা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য, চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা প্ৰদান, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাভিত্তিক কৰ্মচাৰী সকলে। প্ৰেৰক কনক হাজৰিকা
গোৱালপাৰাত পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ পঞ্চায়ত কৰ্মচাৰী সকলৰ ৬০ বছৰলৈ সুনিশ্চিত কৰাৰ লগতে সকলো কৰ্মচাৰীৰ আৰ ও পিৰ ব্যাৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্রদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকা ভিত্তিক কৰ্মচাৰীৰ মাজত বিভাগীয় ভাৱে পৰীক্ষা পাতি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ঠিকা ভিত্তিক কৰ্মচাৰী সকলে । ইফালে দীৰ্ঘদিনৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত এই সকল কৰ্মচাৰীৰ সমস্যা সমাধান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। প্ৰেৰক উদিত নাৰায়ণ কলিতা