নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত পবিতৰাৰ ৯০ শতাংশ এলেকা

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য৷ বছৰটোৰ দ্বিতীয়টো বানত অভয়াৰণ্যখনৰ ৮০ শতাংশ এলেকা বুৰাই পেলাইছে৷ পাগলাডুবা, নলতলী হাঁহচৰা, কুক্কাৰি, ধলী আৰু বকুলজান বনশিবিৰ পানীৰে উপচি পৰিছে৷ ইতিমধ্যে গঁডৰ লগতে অন্যান্য জীৱ–জন্তুই নিৰাপদ ওখ স্থানলৈ ঢাপলি মেলিছে৷

  বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জানিবলৈ দিয়া মতে বানৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা পহৰাৰ ব্যৱস্থা কৰিছে আৰু জীৱ–জন্তু খাদ্য সংকটত নপৰে তাৰে বাবে ব্যৱস্থা গ্রহণ কৰিছে পবিতৰাৰ বন বিভাগে৷ মায়ং আৰক্ষীয়ে অভয়াৰণ্যখনৰ নিৰাপত্তাৰ ক্ষেত্রত বন বিভাগক সহযোগ কৰিছে৷ বানৰ কৱলত থকা বনশিবিৰৰ বনকর্মীয়ে হাত নাৱেৰে কর্তব্য পালন কৰি আছে৷ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে বনৰক্ষীসকলে যন্ত্রচালিত নাও আৰু হাত নাৱেৰে দিনে–নিশাই টহল দি আছে৷

 ইফালে বহা–ভকতগাঁও সংযোগী গড়কাপ্টানী পথৰ সৰুকুলৈত কপিলী নৈৰ খহনীয়াৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকাই দেখা দিছে৷ ফেনে–ফোটোকাৰে বাঢ়িছে জাগীৰোডৰ কপিলী নৈখন৷ নৈৰ বাঢ়নী পানীয়ে সৰুকুলৈ গাঁৱত সৃষ্টি কৰিছে খহনীয়াৰ৷ খহনীয়াত জাহ যোৱাৰ উপক্রম হৈছে গড়কাপ্টানী পথৰ লগতে এখন বিদ্যালয়৷ তাৰ পৰিৱর্তে মাত্রবাঁহেৰে খহনীয়া ৰোধৰ ব্যর্থ চেষ্টা অব্যাহত ৰাখিছে গডকাপ্ঢানী বিভাগে৷ শীর্ঘে গড়কাপ্টানী বিভাগে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা নল’লে খহনীয়াত জাহ যাব বহা–ভকতগাঁও সংযোগী গড়কাপ্টানী পথটো৷ যাৰ বাবে আতংকত ভুগিছে সমগ্র অঞ্চলৰ জনসাধাৰণ৷

You might also like