দিহিংপৰীয়া কবি-সাংবাদিক গকুল কৃষ্ণ শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান, স্মাৰক গ্ৰন্থ উন্মোচনঃ পৰিয়াললৈ ৮০ হাজাৰ টকাৰ চেক
নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ দিহিংপৰীয়া কবি, বিশিষ্ট লেখক-সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি গকুল কৃষ্ণ শৰ্মাৰ আজি আদ্যশ্ৰাৰ্দ্ধৰ দিনটোত তেওঁক সোঁৱৰি এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা শাখা কবি সম্মিলন, অসম লেখিকা সন্থা, মাৰ্ঘেৰিটা শাখা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আদি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত শৰ্মাৰ মাৰ্ঘেৰিটাৰ ১ নং মাকুমপথাৰস্থিত বাসগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সহধৰ্ম্মিণী অঞ্জলি শৰ্মাই। ইয়াৰ পিচতেই সাংবাদিকগৰাকীলৈ পুষ্পাঞ্জলী অৰ্পণ কৰে সাংবাদিক সতীৰ্থ ক্ৰমে ড০ ঋষি দাস, পৰাগ ভূঞা, অৰ্জুন বৰুৱা, শান্তনু চৰকাৰ, মনোজ দত্ত, দিনেশ গোয়েল, ড০ ৰমেণ হাজৰিকা, জ্যোতিষ ৰয়, হেমন্ত কুমাৰ শইকীয়া, মনোৰঞ্জন দাস, কাঞ্চন বৰা, অমূল্য খাটনিয়াৰ, ধীৰেণ ডেকা, ৰামপ্ৰসাদ আম্বেদকাৰ, পাৰ্থপ্ৰতীম গোস্বামী, তপন দে, সৰোজ গোহাঁই, বৰ্ণালী গগৈ, ৰুণজুন শইকীয়া, নিবেদিতা বৰা, দেবেন ডেকা, প্ৰণৱ ফুকন, ৰমণী বুঢ়াগোহাঁই, কুলধৰ বৰ্মণ সমীৰণ বৰঠাকুৰ, লক্ষ্যধৰ সোণোৱাল, মনজিৎ ৰাজখোৱা আদিয়ে। স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰমেণ হাজৰিকাই। সভাৰ আৰম্ভণিতে শৰ্মাৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে। ‘গকুল শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব’ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে বক্তব্য ৰাখি জাতি, মাটিক ভালপোৱা শৰ্মাৰ নেতৃত্বত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত ২১ টাকৈ গণতান্ত্ৰিক যুৱ সংগঠন জন্ম হৈছিল। পৰৱৰ্তী সময়ত এই সংগঠনকেইটাই জাতিসত্তা ৰক্ষাৰ হকে আন্দোলনত জঁপিয়াই পৰিছিল। দৈনিক অসম, আজিৰ অসম অসমীয়া খবৰ কাকতৰ লগত জড়িত শৰ্মা মাৰ্ঘেৰিটাৰ সংবাদক্ষেত্ৰখনৰ বাটকটীয়া আছিল। ‘বন্ধুৰ দৃষ্টিত গকুল শৰ্মা’ ৰ ওপৰত বাংলা কবি-লেখক শান্তনু চৰকাৰ, ক’ল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কবি
ড০ ৰণজিৎ দত্ত, সাংবাদিক সন্থাৰ সভাপতি ড০ ঋষি দাস, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা, অশ্বিনী গগৈ আদিয়ে শৰ্মাৰ গুণানুকীৰ্তন তথা সান্নিধ্যৰ ওপৰত বক্তব্য ৰাখে। সভাৰ মাজতে জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা শৰ্মাৰ সহধৰ্মিণীক আশী হেজাৰ টকাৰ এখন চেক আগবঢ়োৱা হয়।
ড০ ৰুণজুন শইকীয়া আৰু লক্ষ্যধৰ সোণোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘দিহিংপৰীয়া কবি গকুল শৰ্মা-ব্যক্তি আৰু ব্যক্তিত্ব’ নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে ড০ ঋষি দাস আৰু তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ড০ ৰণজিৎ দত্তই। স্মৃতিচাৰণ সভাৰ সকলো কাৰ্যসূচীৰ আঁত ধৰে ৰাণাজ্যোতি নেওগে। পৰিয়ালৰ হৈ পুত্ৰ মনিমুগ্ধ শৰ্মা আদিয়ে ভাষণ দিয়ে।