নিয়মীয়া বার্তা, চামতা, ১৭ ফেব্ৰুৱাৰীঃ পশ্চিম নলবাৰী কবি সন্মিলনৰ উদ্যোগত চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰণী বৰ্মন প্ৰেক্ষাগৃহত ‘ফাগুনী অনুভৱৰ দলিচাত কবিতা…’ শীৰ্ষক এক মননশীল অনুষ্ঠান সম্পন্ন হয় । পশ্চিম নলবাৰী কবি সন্মিলনৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানটিৰ আঁত ধৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্টা কবি মণীষা তালুকদাৰে। অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন চামতা অধিৱেশনৰ আদৰণি সমিতিৰ সহযোগত এই গাম্ভীৰ্যপূৰ্ণ কাব্যিক অনুষ্ঠানত পঠিত কবিতা সমূহৰ আলোচনা আগবঢ়াই নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি ভুৱনেশ্বৰ ডেকাই । পশ্চিম নলবাৰী কবি সন্মিলনৰ সম্পাদক গণেশ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানতে অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন চামতা অধিৱেশনৰ আদৰণি সমিতিৰ মুখ্য সম্পাদক দ্বীপেন মেনাই আগন্তুক অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত বিতং ব্যাখ্যা কৰে। অনুষ্ঠানত কবি কমল কুমাৰ জৈন, গণেশ বৰ্মন, মণীষা তালুকদাৰ, প্ৰণীতা হালৈ, দিলীপ তালুকদাৰ, নিজৰা ডেকা, ৰাজীৱ দত্ত, দ্বীপেন মেনা, জোন কুমাৰ হালৈ, অপৰ্ণা দেৱী, কংকন শৰ্মা, প্ৰবীন বৰ্মন, প্ৰিয়ম ৰাগিনী, নৱৰত্ন পাটোৱাৰী, নিৰুপমা হালৈ, বৰষা বৰ্মন, জয়ন্ত বৰ্মন, দ্বিজেন কাকতি, নিৱেদিতা দিম্পল, পুৰুষোত্তম দাস, চন্দন বেজবৰুৱা, দিলীপ কুমাৰ ভট্টাচাৰ্য, ৰবীন চন্দ্ৰ দাস, জয়ন্ত শৰ্মা, বলেন গোস্বামী, প্ৰদীপ ভাগৱতী, প্ৰদীপ কুমাৰ বৰ্মন, ৰাজেন বৈশ্য, বুবুল কুমাৰ শৰ্মা, অনিমেশ বৰ্মন, প্ৰতুল শৰ্মা, বিকাশ দাস, ৰমেন বৰুৱা প্ৰমুখ্যে জিলাখনৰ প্ৰায় দুকুৰি নবীন-প্ৰবীণ কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে । কবিতাৰ ফাঁকে ফাঁকে প্ৰবীণ কণ্ঠশিল্পী উমেশ দত্ত, প্ৰণীতা হালৈ আৰু নিজৰা ডেকাই সুমধুৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।