নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰৰ মাৰপিট কাণ্ডত অভিযুক্ত ৫জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ বিদ্যুৎ চুৰিৰ ঘটনা ৰোধ কৰিবলৈ গৈ বিগত বৃহস্পতিবার দিনা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিইসহ বিভাগটোৰ দুগৰাকীকৈ দৈনিক হাজিৰাৰ শ্ৰমিকক নিৰ্মম ভাবে কৰা মাৰপিট কৰাৰ ঘটনাৰ মূল অভিযুক্ত হাফিজুৰ ৰ’হমানকে ধৰি এতিয়ালৈ মুঠ পাঁচগৰাকীকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে, নিয়ম বহিভুৰ্ত ভাবে হুকিং কৰি পানীৰ পাম্প চলাই থকা বুলি পোৱা এক তথ্যৰ ভিত্তিত, এপিডিচিএলৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এচডিঅ’ মঞ্জুৰুল হ’কে বিগত বৃহস্পতিবাৰৰ বিয়লিৰ ফালে ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এক অভিযান চলাইছিল। দুগৰাকী দৈনিক হাজিৰাৰ শ্ৰমিক মফিদুল হ’ক আৰু ৰফিকুল হ’কক লগত লৈ এচডিঅ’ গৰাকীয়ে চলোৱা সেই অভিযানত অঞ্চলটোৰ আশ্ৰাফ আলীৰ গৃহকে ধৰি অঞ্চলটোত ৫টাকৈ পানীৰ মটৰ নিয়ম বহিৰ্ভূত ভাৱে হুকিং কৰি চলাই থকাৰ বিষয়টো উন্মোচিত হৈছিল। অভিযোগ অনুসৰি, এোছডিই মঞ্জুৰুল হ’কে আশ্ৰাফ আলীৰ ওচৰত বিভাগীয় বিদ্যুৎ বিল বিচৰাৰ পিছত ব্যক্তিজনে এছডিই গৰাকীক গালি-শপনি দিয়াৰ সমান্তৰালকৈ অকষ্মাতে তেওঁৰ হাতৰ মোবাইলটো কাঢ়ি নিছিল। ইয়াৰ মাজতে একাংশ লোকে অকষ্মাতে এছডিই মঞ্জুৰুল হ’ক আৰু তেওঁৰ ল’গত যোৱা দিন হাজিৰাৰ সেই দুই শ্ৰমিকক নিৰ্মম ভাবে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। বিষয়টো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত গুৰুতৰ আহত অৱস্থাত এপিডিচিএলৰ সেই তিনিজনীয়া দলটোৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল। বিষয়টো অৱগত হৈ সেই মাৰপিটৰ ঘটনাৰ সৈতে জড়িত থকা সকলোকে কৰায়ত্ত কৰিবলৈ ধুবুৰী আৰক্ষীৰ কঠোৰ নিৰ্দেশ দিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। ইপিনে ঘটনাৰ দিনাই, অৰ্থাৎ যোৱা বৃহস্পতি বাৰে এছডিই মঞ্জুৰুল হ’কে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাত আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰ’হমান, হাফিজুৰ, নিলূ শেখ আৰু অন্যান্যই তেওঁলোকৰ তিনিজনীয়া দলটোক খৰিৰ ফলাৰে নিৰ্মম ভাবে মাৰপিট কৰা বুলি এখন এজাহাৰ দাখিল কৰিছিল। এছডিই গৰাকীয়ে দাখিল কৰা এজাহাৰখন ভাৰতীয় দণ্ড বিধি আইনৰ ১২০বি/৩৪১/৩২৫/৩৫৩/৩৩৩/৩০৭/৩৭৯/২৯৪ আৰডাব্লু ইলেকট্ৰিচিট এক্ট, ২০০৩ৰ ১৩৫ ধাৰাত ৩০৫/২২ নম্বৰত পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। যোৱাকালিয়েই মাৰপিটৰ সেই ঘটনাটোত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি বৃহস্পতিবাৰৰ সেই ঘটনাটোৰ এগৰাকী মূল অভিযুক্ত হাফিজুৰ ৰ’হমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ধুবুৰী জিলাৰ কুৰীৰপাৰ গাওঁত আত্মগোপন কৰি থকা হাফিজুৰ ৰহমানৰ উপৰিও সুদূৰ শ্বিলং লৈ পলাই আত্মগোপন কৰা ছামছুল হ’ককো আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে। জিলাখনৰ গৌৰীপুৰৰ দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এপিডিচিএলৰ তিনিজনীয়া দলটোৰ ওপৰত চলা নিৰ্মম সেই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আৰক্ষীয়ে হাফিজুৰ ৰ’হমান, ছামছুল হ’ক, মইনুল হ’ক, ৰসিদুল ইছলাম আৰু মোস্তাকিম ৰহমান নামৰ পাঁচ গৰাকী কৈ লোকক হব গ্ৰেপ্তাৰ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like