নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ১৫ ফেব্ৰুৱাৰীঃ মু্খ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ড্ৰাগছ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ। দক্ষিণ কামৰূপৰ সোণতলীৰ কালাতলী সাপ্তাহিক বজাৰত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্ৰাগছ মাফিয়া দেলবৰ আলী আৰু ৰহিম উদ্দিন৷ ধৃত ড্ৰাগছ মাফিয়া দুজনৰ পৰা জব্দ ২১টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগবান ডেকাৰ নেতৃত্বত চলিছিল অভিযান৷ গোপন তথ্যৰ ভিত্তিত সোমবাৰে নিশাৰ ভাগত ছয়গাঁও আৰক্ষীয়ে চলাইছিল অভিযান৷ সোণতলীৰ কালাতলী সাপ্তাহিক বজাৰত দুয়োজনে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতেলোটে আটক কৰে আৰক্ষীয়ে৷