নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত গাঞ্জা খেতি ধ্বংস আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,  ২৭ জানুৱাৰী : কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অধীনস্থ পাহাৰপাৰা আৰু পাহাৰৰ দাঁতিকাষৰীয়া একাংশ অঞ্চলত শেহতীয়াকৈ বহুতেই অবৈধভাৱে ঘৰৰ চৌহদ অথবা চোতালত গাঞ্জাৰ গছ ৰোপণ কৰি একধৰণৰ ব্যৱসায় চলাই থকাৰ খবৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে শনিবাৰে আবেলি অতৰ্কিতে এক অভিযান চলায় | স্মৰ্তব্য যে অবৈধ গাঞ্জা গছ ৰোপণ কৰি গাঞ্জা সেৱনৰ লগতে যুৱপ্ৰজন্মকো গাঞ্জাৰ প্ৰতি আসক্ত কৰাৰ সময়তে একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ এটা দলে পাহাৰপাৰাৰ গটা পৰিয়ালত আকস্মিক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা গছ কাটি ধ্বংস কৰাৰ লগতে গছসমূহ পেট্ৰল ঢালি জ্বলাই দিয়ে ৷ আৰক্ষী বিষয়া লাৱণ্য বড়োই অভিযান কালত নিজৰ ঘৰত অবৈধভাৱে এনেধৰণৰ নিচাজাতীয় গাঞ্জা গছ ৰোপণ কৰা কু-অভাস ত্যাগ কৰি ঘৰে ঘৰে শিক্ষাৰ বীজ ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায় ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে তেওঁ নগৰবেৰা আৰক্ষী থানাত থকালৈকে কোনোপধ্যেই এনেধৰণৰ অবৈধ কাম কৰাৰ সুযোগ দিয়া নহ’ব ,সেয়ে আৰক্ষীৰ ৰোষত পৰাৰ পূৰ্বেই সকলোৱে এনেধৰণৰ কাৰবাৰ নিজে নিজে বন্ধ কৰিবলৈ তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায় । লগতে দেওবাৰৰ পৰা নগৰবেৰা আৰক্ষী থানা এলেকাত এনে অভিযান ধাৰাবাহিকভাৱে চলিব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like