নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীত আহত কুখ্যাত গো–মাফিয়া মোজাম্মিল

জোৱানক আক্রমণ কৰি পলায়নৰ চেষ্টা

নিয়মীয়া বাৰ্তা ২৫ জুনঃ বৰপেটা আৰক্ষীৰ জিম্মাত থকা কুখ্যাত গো–মাফিয়া মোজাম্মিল হক কালি নিশা এক ৰহস্যজনক অৱস্থাত গুলীবিদ্ধ হয়৷ জানিব পৰা মতে, ন্যায়ালয়ৰ নির্দেশত ১০ দিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মাত থকা মোজাম্মিলক কালি নিশা দহ বজা পর্যন্ত বৰপেটা সদৰ থানাত ৰখা হৈছিল৷ নিশা দহ বজাৰ ভিতৰত পত্নী আৰু পুত্রই মোজাম্মিলক বৰপেটা সদৰ থানাত সাক্ষাৎ কৰিছিল৷ ইয়াৰ পাছতে নিশা প্রায় ১১.৩০ বজাত সদৰ থানাৰ লকআপৰ পৰা গো–মাফিয়া মোজাম্মিলক আৰক্ষীৰ এটা দলে কোন কোন নদীপথেৰে বাংলাদেশলৈ চোৰাং গৰুৰ সৰবৰাহ হয়, সেয়া দেখুৱাই দিবলৈ কলগাছিয়া থানাৰ অন্তর্গত চৰ অঞ্চললৈ লৈ যায়৷ নিশা মোজাম্মিলক এঠাইত গাডীৰ পৰা নমোৱাৰ পাছতেই কর্তব্যৰত আৰক্ষীৰ এজন জোৱানক প্রচণ্ড ঘোচা শোধাই পলাবলৈ চেষ্টা কৰে গো–মাফিয়াজনে৷ লগে লগে দৌৰিবলৈ চেষ্টা কৰা মোজাম্মিলক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত বাঁও ভৰিৰ তলৰ অংশত গুলী লাগে৷ আঘাতপ্রাপ্ত মোজাম্মিলক ঘটনাস্থলীৰ পৰা আনি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন সেৱাত ভর্তি কৰোৱা হয়৷ ইপিনে মোজাম্মিলৰ আক্রমণত হাউলী থানাৰ কনিষ্টবল ধৰণী কলিতাও কিছু পৰিমাণে আঘাতপ্রাপ্ত হয়৷ সম্প্রতি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চার্জাৰী বিভাগত মোজাম্মিল হক চিকিৎসাধীন হৈ আছে৷

উল্লেখ্য যে গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি গ্রহণ কৰাৰ পাছত নামনি অসমৰ কুখ্যাত গো–মাফিয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰাৰ পাছত নামনি অসমৰ কুখ্যাত গো–মাফিয়া মোজাম্মিল হকে ২১ জুনৰ সন্ধিয়া বৰপেটাৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ বিগত সময়ছোৱাত একাংশ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতাৰ আশীর্বাদত গৰুৰ চোৰাং সৰবৰাহৰ লগতে একাধিক দুষ্কার্যত জডিত থকা বৰপেটাৰোডৰ কুখ্যাত গো–মাফিয়া তথা বিতর্কিত কংগ্রেছ নেতা মোজাম্মিল হকে দীর্ঘদিন ধৰি পশ্চিমবংগত আত্মগোপন কৰি আছিল৷ মুখ্যমন্ত্রীৰ কঠোৰ স্থিতি আৰু আৰক্ষীৰ তীব্র হেঁচাত আত্মসমর্পণ কৰিবলৈ বাধ্য হোৱা মোজাম্মিলক হাউলী থানাত ৰুজু হৈ থকা ২৯৮/২১নং গোচৰত আৰু ভাৰতীয় দণ্ডবিধি আইন ১২০ (বি)/৩৭৯/৩৬৫/৩৯৫ ধাৰা আৰু প্রিভেনচন অৱ ক্রুৱেল্টী টু এনিমেল আইনৰ ১১(১), (এ), (৬), (ডি), চি ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰা হয়৷ বিগত সময়ছোৱাত গৰু ছিণ্ডিকেটৰ নেতৃত্ব দিয়া মোজাম্মিলৰ বিৰুদ্ধে হাউলী থানাত ৰুজু হৈ আছে চুৰি–ডকাইতি আৰু অপহৰণৰো গোচৰ৷

গৰু ছিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগত একেখন থানাত মোজাম্মিলৰ বিৰুদ্ধে জন্তুৰ প্রতি নিষ্ঠুৰতা প্রতিৰোধ আইন ১৯৬০ৰ অধীনতো গোচৰ ৰুজু হৈ আছে৷ ২২ জুনত বৰপেটাৰ নিম্ন আদালত হাজিৰ কৰোৱাৰ পাছত অধিক তদন্তৰ বাবে মোজাম্মিল হকক ১০ দিনৰ বাবে নিজৰ জিম্মাত লয় হাউলী আৰক্ষীয়ে৷ গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড হাউলীৰ খাইৰুল ইছলামক গ্রেপ্তাৰৰ পাছত বিগত এমাহ ধৰি পলাতক অৱস্থাত আছিল বৰপেটাৰোডৰ বিতর্কিত কংগ্রেছ নেতা তথা বৰপেটা জিলা পৰিষদৰ প্রাক্তন সদস্য মোজাম্মিল হক৷ যোৱা ২৮ মে’ত হাউলী আৰক্ষীয়ে খাইৰুল ইছলাম নামৰ গো–মাফিয়াজনক গ্রেপ্তাৰৰ পাছত মোজাম্মিল হকক বিচাৰি অভিযান অব্যাহত ৰাখিছিল বৰপেটা আৰক্ষীয়ে৷ কিছুদিন পূর্বে বৰপেটাৰোড আৰক্ষীয়ে মোজাম্মিল হকৰ এখন ধাবাত অভিযান চলাই কেইবাখনো বিলাসী বাহন জব্দ কৰিছিল যদিও গো–মাফিয়াজনৰ সন্ধান পোৱা নাছিল৷

উল্লেখ্য যে গো–মাফিয়া মোজাম্মিল হকৰ বৰপেটাৰোড ষ্টেচন ৰোডত থকা হার্বছ এণ্ড স্পাইচ নামৰ ধাবাখনত দীর্ঘদিনৰ পৰা দেহ ব্যৱসায় চলাই আহিছিল৷ প্রতি ঘণ্টাত তিনিশ টকাৰ বিনিময়ত ধাবাখনৰ সৰু সৰু একোটা ক’টেজ দেহ ব্যৱসায়ৰ বাবে ভাৰালৈ দিয়া হৈছিল৷ ধনৰ বিনিময়ত ধাবাখনত একাংশ যুৱক–যুৱতীৰ অনৈতিক কার্যৰ লগতে দেহ ব্যৱসায় চলাইছিল কুখ্যাত গো–মাফিয়াজনে৷ কিছুদিন পূর্বে বৰপেটাৰোড আৰক্ষীয়ে এই ধাবাখনত অভিযান চলাই বহু আপত্তিজনক সামগ্রীও জব্দ কৰিছিল৷ এনে বহু অপৰাধজনিত কার্যত জডিত হৈ দীর্ঘদিন ধৰি পলাই থকা মোজাম্মিল হক আৰক্ষীৰ জিম্মাত থকা সময়তে পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ থকা গো–মাফিয়া মোজাম্মিলক হক সম্প্রতি সংকটমুক্ত বুলি চিকিৎসালয় সূত্রই সদৰী কৰিছে৷

You might also like