নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী দামবৃদ্ধিৰ পৰিণতিত ৰাজ্যৰ সাধাৰণ লোকৰ দৈনন্দিন জীৱনযাত্রাত অভাৱনীয় সমস্যাৰ উদ্ভৱ হৈছে৷ কেৱল নিত্য ব্যৱহার্য সামগ্রীয়েই নহয়, একে সময়তে ইন্ধনজাত সামগ্রী আৰু নির্মাণ সামগ্রীৰো দামবৃদ্ধিৰ প্রকোপ চৰিছে৷ এক কথাত, কেৱল দামবৃদ্ধিৰ বাবেই অগণন পৰিয়ালৰ বাবে ঘৰখন চলাই নিয়াটো একপ্রকাৰ অসম্ভৱ হৈ পৰিছে৷– এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ৷ আজি এখন সংবাদ মেলযোগে আঞ্চলিক দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দামবৃদ্ধি নিয়ন্ত্রণত ব্যর্থ হোৱা বর্তমানৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ গগৈয়ে কয়– সভাই–সমিতিয়ে, কাগজে–পত্রই বিজেপিয়ে সবকা সাথ সবকা বিকাশ নীতি আওৰালেও দিল্লী–দিছপুৰৰ শাসক গোষ্ঠী যে চূড়ান্ত জনবিৰোধী, সেই কথা দামবৃদ্ধিৰ ভয়াৱহতাই স্পষ্ট ৰূপত উদঙাই দিছে৷ এটা কথা আজি দিনৰ পোহৰৰ দৰে স্পষ্ট– বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ ‘বন্ধু’ বিজেপি চৰকাৰৰ সাধাৰণ নাগৰিকৰ দুখ–দুর্দশাৰ প্রতি তিলমানো ভ্রূক্ষেপ নাই৷ নহ’লে দামবৃদ্ধিৰ দৰে প্রতিগৰাকী সাধাৰণ নাগৰিকৰে সম্পর্কিত স্পর্শকাতৰ বিষয় এটা নিয়ন্ত্রণৰ বাবে চৰকাৰে অলপ হ’লেও চেষ্টা কৰিলেহেঁতেন৷