নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৯ এপ্ৰিলঃ একবিংশ শতিকাৰ আধুনিক বিজ্ঞান প্ৰযুক্তিৰ দিনতো এইখন অসমত এচলীয়া টিঙৰ চালিৰ তলত চলি আহিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। এইখন এচলীয়া চালি নিশা হ’লে ব্যৱহাৰ হয় গৰুৰ গোহালি হিচাপে। নদুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত জামুগুৰিহাটৰ বিশ্বনাথ পানপুৰ মথাউৰিৰ ওপৰত এই গোহালি ঘৰতেই চলি আছে বাংকামাৰী প্ৰাথমিক বিদ্যালয়খন। বতাহ-বৰষুণ আহিলে বন্ধ হয় পাঠদান৷ ব্ৰহ্মপুত্ৰ নদীৰ নিচেই কাষতে বিশ্বনাথ আৰু জামুগুৰিহাটৰ পাণপুৰ সংযোগী মাথাউৰিৰ ওপৰত এক গোহালি সদৃশ পৰিৱেশত চলিছে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ পাঠদান৷ শিক্ষা খণ্ডটোৰ শিঙিমাৰীত থকা বিদ্যালয়খন দিনত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ পাঠদান আৰু নিশা গৰু-ছাগলীৰ বাসস্থানলৈ পৰিণত হয়৷ প্ৰায় ২৫-৩০ জন ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনত থকা একমাত্ৰ শিক্ষকজনেই এইদৰেই দিবলগীয়া হৈছে শিক্ষাদান৷ যি সময়ত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তনৰ কথা কৈ আহিছে সেই সময়ত শিক্ষা খণ্ডটোৰ এইখন বিদ্যালয়ে অসমৰ প্ৰাথমিক শিক্ষা কেনেকৈ চলিছে তাৰ স্পষ্ট ছৱি খন উদঙাই দেখুৱাইছে ৷