বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ অস্কাৰৰ মঞ্চত চৰ মাৰিছিল কৌতুক অভিনেতা ক্রিছ ৰকক। তাৰেই শাস্তি ভূগিব লাগিব অভিনেতা উইল স্মিথে। সেই চৰিওৱাৰ দায়ত তেওঁক অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। ‘একাডেমী অৱ মোছন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স’এ অস্কাৰ পুৰস্কাৰৰ আয়োজন কৰে। স্মিথৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণক লৈ কালি বৈঠকত বহে কমিটীৰ সদস্যসকলে। সেই বৈঠকতেই স্মিথৰ শাস্তি নির্ধাৰিত হয়। ইয়াৰ আগেয়ে খবৰ ওলাইছিল যে এই বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা স্মিথৰ পৰা অস্কাৰো কাঢ়ি নিয়া হ’ব পাৰে। সেয়া এতিয়ালৈ হোৱা নাই। ইপিনে, চৰ কাণ্ডৰ পাছত একাডেমীৰ বাহিৰেও দুটা ডাঙৰ প্রযোজনা সংস্থাই স্মিথৰ সৈতে তেওঁলোকৰ কাম সাময়িকভাৱে বন্ধ কৰি দিছে।
Next Post
You might also like