বাক্সাৰ পূব খাগ্ৰাবাৰীৰ নতুন আলিগুৰিত পাওৰা খেল উৎসৱ সম্পন্নঃ আমি আমাৰ লোক-সংস্কৃতিৰ বিষয়ে নৱপ্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিবঃ ড° ধ্ৰুৱজ্যোতি দাস
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : “অসমৰ প্ৰেক্ষাপটত ধৰ্মীয় অনুভূতিতকৈ সংস্কৃতিক বেছি প্ৰয়োজন। তাৰ বাবে আমি আমাৰ লোকসংস্কৃতিৰ বিষয়ে নৱ প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব ।” আজি বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব খাগ্ৰাবাৰী নতুন আলিগুৰী চুপাত আয়োজন কৰা পাওঁৰা খেলৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কটন বিশ্ববিদ্যযালয়ৰ সহযোগী অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাসে এইদৰে কয়। তেওঁ লগতে কয়় যে অসমত শাক্ত আৰু বৈষ্ণৱ ধৰ্ম্মৰ মাজত সংঘাতে ব্ৰাহ্মণ্যবাদৰ প্ৰচেষ্টাই মূল কাৰণ। এইক্ষেত্ৰত বংগমূলীয় ব্ৰাহ্মণ সকলে আহোম ৰাজত্বৰ পৰা বৰ্তমানলৈকে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। বি বি কিষাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মনজিৎ কুমাৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাংস্কৃতিক সম্পাদক জিৎজ্যোতি ডেকাই।সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দিপীকা নাথে। সভাত গাঁওখনৰ ন গৰাকী বয়োজ্যেেষ্ঠ ব্যক্তি ক্ৰমে পৱন চন্দ্ৰ দাস, হৰেন দাস, পৰমেশ্বৰী দাস,সুভেবালা দাস,হৰিবালা দাস,বিজয়া দাস,তজোৰাম দাস, নিৰঞ্জন দাস আৰু নিৰঞ্জন ডেকাক সম্বৰ্দ্ধনা জনায়। সন্ধিয়া আমন্ত্ৰিত শিল্পী কৰিশ্মা দেবী আৰু মানস ৰঞ্জনৰ দ্বাৰা সংগীত পৰিবেশন কৰা হয়। ইয়াৰ আগেয়ে পুৱা মন্দিৰৰ দ্বাৰ উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাসে আৰু বন্তি প্ৰজ্বলন কৰে টিকেন্দ্ৰ নাথে।
প্ৰেৰক দিগন্ত দাস