নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ‘শক্তিহীন’ বিদ্যুৎ বিভাগ : ঘূৰিবলৈ নাপায়েই ফেনৰ পাংখা

নিয়মীয়া বাৰ্তা, ২ আগষ্ট : নগৰবেৰাত বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ কিবা সহস্ৰাধিক বিদ্যুৎ গ্ৰাহক। অসহ্য গৰমৰ মাজতো কাৰেণ্ট নথকাৰ বাবেই সম্প্ৰতি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে বিদ্যুৎ উপভোক্তা সকল। বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অধীনস্থ জিলা সীমান্তৱৰ্তী অঞ্চলটোৰ বিদ্যুতৰ পুতৌজনক সেৱা কোনো নতুন কথা নহয়, দিনে-নিশাই নূন্যতম ২০/৩০ বাৰ বিদ্যুৎ কৰ্ত্তন কৰাটো যেন বিভাগটোৰ এক পৰম্পৰা হৈ পৰিছে। এফালে অসহ্য উৎকট গৰম, সমান্তৰালকৈ বিদ্যুতৰ সঘন লুকাভাকু, দৈনন্দিন জীৱনত আউল লগাৰ উপৰি বিদ্যুতৰ ভৰসাত ব্যৱসায় কৰা ব্যৱসায়ীসকলৰো পানীত হাঁহ নচৰা অৱস্থা। দিনৰ দিনতো গৰমত ৰন্ধা-বঢ়া কৰিবলগীয়া হোৱাত গৃহিনীসকলৰ দুৰ্দশা, শীতল পানীয় ৰেফ্ৰিজাৰেটৰ চলাব নোৱাৰাৰ বাবেই পাবলৈ নোহোৱা অৱস্থা, ফাৰ্মাচী বোৰৰো দৰৱ-পাতি ৰাখিবলৈ অসুবিধা একেদৰে সন্ধিয়া ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ বহিল মানেই গ’ল কাৰেণ্ট, মুঠতে অবৰ্ণনীয় দুৰ্যোগ নামিছে সঘন বিদ্যুৎ কৰ্ত্তনৰ বাবে। মন্দিৰা যোগীপাৰাস্থিত নিয়ন্ত্ৰণ কক্ষত ফোন কৰিলেও গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। একেদৰে দায়িত্বত থকা লাইনমেনকো সময়মতে ফোনত নোপোৱাৰ অভিযোগ। যোগীপাৰা নিয়ন্ত্ৰণ কক্ষত কৰ্মৰত কৰ্মচাৰীৰ মন গ’লেই নগৰবেৰা ফীডাৰৰ বিদ্যুৎ কৰ্ত্তন কৰা বুলিও অভিযোগ। শীঘ্ৰে বিদ্যুৎ বিভাগক নগৰবেৰাৰ সেৱা উন্নত কৰাৰ দিহা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ নিয়মীয়া বিদ্যুৎ গ্ৰাহকসকলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like