অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ হঠাতে অসুস্থ হৈ পৰে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ অসুস্থ প্রাক্তন মুখ্যমন্ত্রীগৰাকীক গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভর্তি কৰোৱা হৈছে৷ আজি বিয়লি প্রায় ৫ বজাত অসুস্থ হৈ পৰা প্রাক্তন মুখ্যমন্ত্রী মহন্তক পৰিয়ালৰ লোকে ডাউন টাউন হাস্পতালত ভর্তি কৰায়৷ আইচিইউত চিকিৎসাধীন প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্য বর্তমান সুস্থিৰ বুলি চিকিৎসালয়ৰ সূত্রত প্রকাশ।