নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত ‘প্ৰজ্ঞাজ্যোতি’ উন্মোচন

নিয়মীয়া বাৰ্তা,  ১৭  আগষ্ট :  জাগীৰোডৰ সমীপৱৰ্তী পালিগুৰি প্ৰাথমিক বিদ্যালয়ত ৭৭ সংখ্যক স্বাধীনতা দিৱস  উদযাপন উপলক্ষে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ‘প্ৰজ্ঞাজ্যোতি’ উন্মোচন কৰা হয়। বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দীপ্তি গগৈয়ে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতেই  গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠানত মিলনজ্যোতি বৰঠাকুৰ সম্পাদিত পালিগুৰি প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক আলোচনী “প্ৰজ্ঞাজ্যোতি”ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে। আলোচনী উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কবি, লেখক ৰাজীৱ চহৰীয়াই বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ কয়- “বিদ্যালয়ৰ আলোচনী হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত সৃজনীশীল প্ৰতিভা বিকাশৰ কঠীয়াতলী। প্ৰজ্ঞাজ্যোতিয়ে পালিগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীল মঞ্চ এখন দিব ।” পালিগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা নিবন্ধকাৰ মিলনজ্যোতি বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে  দেশপ্ৰেমমূলক গীত-নৃত্য পৰিৱেশন কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like