নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ ৩৫ লাখ মানুহক ন্যায় দিলেঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ লগে লগে উৎফুল্লিত হৈ পৰিছে হাগ্রামা মহিলাৰীবিৰোধী শিবিৰ ৷ বিজেপি, কংগ্রেছ, ইউ পি পি এল, গণ সুৰক্ষা মঞ্চ আদি দল, এবছুকে ধৰি বিভিন্ন সংগঠনে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা সিদ্ধান্তক আদৰণি জনাইছে ৷ এই সন্দর্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাৰ বাবে ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে যোৱা ১৬ মার্চত দলৰ সভাপতি হিচাপে তেওঁৰ লগতে দলৰ তিনি সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, দিলীপ কুমাৰ শইকীয়া আৰু পুলক গোহাঁয়ে ৰাজ্যপাল মুখীক সাক্ষাৎ কৰি বিটিচিৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ বাবে অনুৰোধ জনাইছিল ৷ সেইমর্মে ৰাজ্যপাল মুখীয়ে সোমবাৰে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

আনহাতে, এই সময়ছোৱাত বি টি এ ডিৰ সকলো জাতি, ধর্ম, ভাষা, বর্ণ নির্বিশেষে আটায়ে যাতে ন্যায় পায়, তাৰ বাবে ৰাজ্যপালগৰাকীক যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায় ৷ বিটিচিৰ পৰৱর্তী নির্বাচন অনুষ্ঠিত নোহোৱালৈ অঞ্চলটোৰ সকলোৱেই যাতে সম–ধিকাৰ লাভ কৰে, সেই ক্ষেত্রতো দৃষ্টি দিবলৈ তেওঁ ৰাজ্য প্রশাসনলৈ আহ্বান জনায় ৷ সেইদৰে বিৰোধী দলপতি তথা কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়ায়ো বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা সিদ্ধান্তক আদৰণি জনাইছে৷ তেওঁ লগতে ক’ভিড–১৯ক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতি শাম নকটা পর্যন্ত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনায় ৷ এই সংক্রান্তত তেওঁ কয় যে সম্প্রতি বিটিচিৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বহু লোক ক’ভিড–১৯ত আক্রান্ত হৈ আছে ৷ সেয়ে ততাতৈয়াকৈ বিটিচি নির্বাচন অনুষ্ঠিত কৰাটো সমীচীন নহ’ব ৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে নির্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত অগ্রসৰ হোৱাৰ আহ্বান জনায় ৷

আনহাতে, বি টি আৰ চুক্তিৰ জৰিয়তে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সন্মুখত কঠোৰ প্রত্যাহ্বান হিচাপে থিয় দিয়া ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ সিদ্ধান্তৰ বাবে ৰাজ্যপালক ধন্যবাদ জ্ঞাপন কৰে৷ বড়োৰ মতে, অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰি বি টি এ ডিত বসবাস কৰা ৩৫ লাখ জনসাধাৰণক ন্যায় দিয়া হৈছে ৷ ৰাজ্যপালে অঞ্চলটোৰ শাসনৰ দায়িত্বভাৰ নিজৰ হাতলৈ অনাৰ পাছত এতিয়া আমোলা–বিষয়াসকলক প্রথমতে ঠিক–ঠাক কৰি লোৱা উচিত৷ শীর্ষৰ পৰা নিম্ন পর্যায়লৈ বিভিন্ন দায়িত্বত থকা আমোলা–বিষয়াসকলে স্বচ্ছ আৰু নিকা প্রশাসন যাতে জনসাধাৰণক দিব পাৰে, সেই দিশটো নিশ্চিত কৰিব লাগে ৷ অঞ্চলটোত চলি অহা সকলো দুর্নীতি বন্ধৰ বাবে ব্যৱস্থা ল’ব লাগে ৷ ইমান দিনে যি দুর্নীতি চলি আহিছে, তাৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিব লাগে৷ ইপিনে, বিটিচিত সোমবাৰে ৰাজ্যপালৰ শাসন প্রৱর্তন হোৱাৰ লগে লগে অঞ্চলটোত এটা জংঘলৰাজৰ অৱসান ঘটিল বুলি মন্তব্য কৰিছে গণ সুৰক্ষা পার্টীৰ নেতা তথা কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱকুমাৰ শৰণীয়াই৷

এই সম্পর্কত তেওঁ প্রতিক্রিয়া ব্যক্ত কৰি কয়– অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ বাবে ৰাজ্যপালে গ্রহণ কৰা সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু এইক্ষেত্রত ৰাজ্যপালক সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱা হ’ব৷ বিটিচিত বিগত সময়ছোৱাত সংঘটিত সকলো দুর্নীতি–ভ্রষ্টাচাৰৰ তথ্য অচিৰেই ৰাজ্যপালক দাখিল কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে সেইবোৰ তদন্ত কৰাৰ বাবে ৰাজ্যপালে আয়োগ গঠন কৰক, চি বি আইৰ হতুৱাই তদন্ত কৰক৷ ৰাজ্যপালৰ শাসনকালত অঞ্চলটোৰ সকলো ৰাইজে যাতে ন্যায় পায়, অধিকাৰ ৰক্ষা হয়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈও তেওঁ আহ্বান জনায়৷ বিটিচি সম্পর্কত কোনো ৰাজনৈতিক সিদ্ধান্ত নোলোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে, বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ বাবে ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাজ্যপাল প্রফেছৰ জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক স্মাৰক–পত্রযোগে বিগত দিনসমূহত দাবী জনাই অহা এবছু, সদৌ বিটিচি নাথ যোগী ছাত্র সন্থা, সদৌ অসম বাঙালী যুৱ–ছাত্র পৰিষদ, সদৌ বিটিচি সূত্রধৰ সন্মিলনী, সদৌ বিটিচি অনুসূচিত জাতি ছাত্র সন্থাকে ধৰি অন্যান্য দল–সংগঠনো অঞ্চলটোত হাগ্রামাৰাজৰ অৱসান ঘটাই ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাত উৎফুল্লিত হৈ পৰিছে ৷

You might also like