নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাঞ্জল বৰুৱা গৌতম মেছক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে

তদন্তৰ আওতালৈ অহা নাই দিবনৰ ঘনিষ্ঠ বন্ধু

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ  বহুচর্চিত অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষা কেলেংকাৰি আছিল পূর্বপৰিকল্পিত৷ ধনৰ বিনিময়ত এছ আই পদৰ বহুকেইটা পদ বিক্রীৰ পৰিকল্পনা কৰিছিল দিবন ডেকাই৷ বিতর্কিত বিজেপি নেতা দিবন ডেকাই ঘনিষ্ঠ বন্ধু তথা বিজেপি নেতা জনৈক ফুকনৰে মিলি মুঠ ৫৯৭টা এছ আই পদৰ ভিতৰত আধাতকৈ অধিক পদ বিক্রী কৰি মোটা অংকৰ ধন আহৰণ কৰাৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড দিবন ডেকাই তদন্তকাৰী বিষয়াৰ আগত এই বিস্ফোৰক তথ্য সদৰী কৰে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, এছ আই পদৰ চাকৰি বিক্রী কৰাৰ উদ্দেশ্যে বিতর্কিত বিজেপি নেতা দিবন ডেকাই পৰিকল্পনা অনুসৰি অতি সোনকালে বৰভাগৰ যুৱ প্রজন্মৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে প্রয়োজনীয় প্রশিক্ষণ কেন্দ্রৰ ব্যৱস্থা কৰা হ’ব বুলি ছ’চিয়েল মিডিয়াত এক পোষ্ট দিছিল৷ যোৱা ১৫ জুলাইত দিয়া এই পোষ্টটোত কথা মতেই কাম কৰিবলৈ চেষ্টা কৰি যাম বুলি উল্লেখ কৰি দিবন ডেকাই জাতি–ধর্ম–দল নির্বিশেষে এই প্রশিক্ষণ কার্যসূচী সফল কৰিবলৈ আহ্বান জনাইছিল৷ আনহাতে, যোগাযোগ নম্বৰ শীঘ্রেই নিজৰ ফেচবুক পেজত দিয়া হ’ব বুলিও দিবনে ঘোষণা কৰিছিল৷ সূত্রটোৰ মতে, পৰৱর্তী সময়ত নলবাৰীৰ বৰভাগৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাত এছ আই পদৰ চাকৰি বিক্রী কৰাৰ বাবে দিবন ডেকাই দালাল নিয়োগ কৰিছিল৷ আনহাতে, জনৈক ফুকন উপাধিৰ ঘনিষ্ঠ বন্ধুজনৰে মিলি দিবনে নলবাৰীৰ লগতে গুৱাহাটীত থেংক ইউ লজ আৰু হোটেল ভার্গৱ গ্রেণ্ডত এছ আই পদৰ পৰীক্ষাৰ বাবে প্রশিক্ষণ দিয়াৰ ব্যৱস্থা গঢ়ি তুলিছিল৷ অৱশ্যে দিবনৰ নির্দেশত কুলদীপ ৰাজবংশীয়ে প্রশিক্ষণৰ ব্যৱস্থা সম্পূর্ণ কৰিছিল৷ এই কথা পোহৰলৈ অহাৰ পাছতে নলবাৰী আৰক্ষীয়ে ইতিমধ্যে কুলদীপ ৰাজবংশীসহ কেইবাজনো চাকৰি প্রার্থীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ সূত্রটোৰ মতে, দিছপুৰৰ একাংশ প্রভাৱশালী ৰাজনীতিকৰ অঙহী–বঙহী আৰু ঘনিষ্ঠক এছ আই পদৰ চাকৰি দিয়াৰ বাবে দিবন ডেকা আৰু জনৈক ফুকনক দায়িত্ব দিয়া হৈছিল৷ এই দায়িত্ব পোৱাৰ পাছতে পৰৱর্তী সময়ত দিবনে জনৈক ফুকন আৰু কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তক সংগী কৰি লৈ এছ আই পদৰ আধাতকৈ বেছি পদৰ চাকৰি ধনৰ বিনিময়ত বিক্রী কৰাৰ পৰিকল্পনা কৰে৷ সেইমর্মে সকলো ঠিকে–ঠাকে আগবাঢ়িছিল যদিও চাকৰি প্রার্থীৰ পৰা সংগ্রহ কৰা ধনৰ ভাগ–বাটোৱাৰা কৰাক লৈ পি কে দত্তৰ সৈতে দিবন ডেকাৰ মনোমালিন্য ঘটাত সংঘাত হয়৷ সূত্রটোৰ মতে, দিবনে তদন্তকাৰী বিষয়াৰ জেৰাত জনৈক ফুকনৰ নাম লোৱাৰ পাছতো চি আই ডি বা ক্রাইম ব্রাঞ্চে বর্তমানলৈকে ফুকনক তদন্তৰ আওতালৈ অনা নাই৷ বিজেপি নেতা জনৈক ফুকন এজন প্রভাৱশালী ৰাজনীতিকৰ ঘনিষ্ঠ হোৱা বাবেই তথা উক্ত ৰাজনীতিকজনৰ হেঁচাত পৰি ফুকনক তদন্তৰ আওতালৈ অনা বাবে তদন্তকাৰী সংস্থা দুটাই যো–জা চলায়ো থমকি ৰ’ব লগা হৈছে বুলি অভিযোগ উঠিছে৷ ইফালে এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ উপ–ঠিকা লাভ কৰা এমেইনটেক আৰু অক্ষয় কমিউনিকেচনৰ প্রাঞ্জল বৰুৱাসহ দুই স্বত্বাধিকাৰী চি আই ডি আৰু ক্রাইম ব্রাঞ্চে আজিলৈকে উক্ত কেলেংকাৰি সন্দর্ভত সোধা–পোছা নকৰাক লৈ ৰহস্য সৃষ্টি হৈছে৷ আৰক্ষীয়ে দিছপুৰৰ প্রভাৱশালী চক্রৰ হেঁচাত দুয়োকে ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উঠিছে৷ ইফালে ২০ ছেপ্ঢেম্বৰত এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱা বুলি দিবন ডেকাই গৌতম মেছৰ সৈতে গৈ ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰক অভিযোগ দিছিল যদিও প্রশ্ণকাকত ফাদিল কোনে কৰিছিল, সেই সন্দর্ভত গৌতম মেছক তদন্তৰ আওতালৈ ননাক লৈ ৰহস্য সৃষ্টি হৈছে৷
ৰফিকুল ইছলামৰ ছুইফ্ট ডিজায়াৰ গাড়ী জব্দ নলবাৰী আৰক্ষীৰ
বহু চাঞ্চল্যকৰ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত অব্যাহত আছে নলবাৰীত৷ উক্ত কেলেংকাৰিৰ অভিকেন্দ্র হৈ পৰা নলবাৰী জিলাৰ আৰক্ষীৰ হাতত অভিযুক্তৰ এখন দীঘলীয়া তালিকা থকা বুলি চর্চিত হৈছে যদিও তদন্তৰ খাতিৰত সেয়া সংবাদ মাধ্যমকো জানিবলৈ দিয়া হোৱা নাই৷ এছ আই কাণ্ডত জড়িত হৰকত আলী নামৰ মুকালমুৱাৰ দালালজনে এই কেলেংকাৰিত এজন অধিবক্তা জড়িত থকা বুলি স্বীকাৰোক্তি দিয়াত শনিবাৰে নলবাৰী আৰক্ষীৰ এটা দল বৰপেটাত উপস্থিত হৈ ৰকিবুল ইছলাম নামৰ অধিবক্তাজনৰ বাসগৃহত তালাচী চলায়৷ বৰপেটা আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত অধিবক্তাজনক বিচাৰি নাপালেও তেওঁ ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখন লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷AS-01DJ1996 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাডীখন নিশাই আৰক্ষীৰ অভিযানকাৰী দলে নলবাৰী সদৰ থানালৈ লৈ আনে৷

You might also like