নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাঞ্জল শইকীয়ালৈ আৱাহন থিয়েটাৰৰ ২০২৩-২৪ বৰ্ষৰ ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ প্ৰথিতযশা চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, সাহিত্যিক ড০ ভবেন্দ্র নাথ শ‍ইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আৱাহন থিয়েটাৰে ২০০৮-০৯ বৰ্ষৰ পৰা প্রদান কৰি অহা ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা এইবেলি প্ৰদান কৰিব অসমীয়া চলচ্চিত্ৰ জগতৰ বৰেণ্য অভিনেতা, নাট পৰিচালক, ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক প্ৰাঞ্জল শইকীয়াক৷ আজি পাঠশালাৰ জ্যোতিনগৰস্থিত আৱাহন থিয়েটাৰৰ বাকৰিত অনুষ্ঠিত সংবাদ মেলযোগে এই কথা ঘোষণা কৰে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক, অসম সৌৰভ বঁটাপ্ৰাপক, প্ৰবীন নাট্যযোদ্ধা কৃষ্ণ ৰয়ে৷ লেখক পুলু কুমাৰ শৰ্মাই আঁত ধৰা সংবাদ মেলত ৰয়ে কয়, “ড০ ভৱেন্দ্ৰনাথ শইকীয়া আছিল আৱাহন থিয়েটাৰৰ বাবে প্ৰাণ প্ৰতিষ্ঠাপক৷ সেয়েহে মহান মনীষীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি প্ৰতিবছৰে তেওঁৰ নামত বঁটা প্ৰদান কৰি আহিছো৷” উল্লেখযোগ্য যে আৱাহন থিয়েটাৰে বিগত ২০০৮ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে ড০ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা৷ ২০০৮ বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ, ২০০৯ বৰ্ষত আদ্য শৰ্মা, ২০১০ চলচিত্ৰৰ পৰা অহা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য, ২০১১ বৰ্ষত বিশিষ্ট সংগীতজ্ঞ, নাট্য পুৰোধা ৰত্ন ওজা, ২০১২ বৰ্ষত পদ্মশ্ৰী তথা নাট্যাচাৰ্য যতীন গোস্বামী, ২০১৩ বৰ্ষত বিশিষ্ট চলচিত্ৰ অভিনেতা, পৰিচালক আব্দুল মজিদ, ২০১৪ বৰ্ষত বিশিষ্ট বাহীবাদক তথা সংগীত নাটক একাডেমি বঁটাপ্ৰাপক প্ৰভাত শৰ্মা, ২০১৫ বৰ্ষত প্ৰতিথযশা নাট্যকাৰ অৰুণ শৰ্মা, ২০১৬ বৰ্ষত বিশিষ্ট নাট আৰু চলচিত্ৰ পৰিচালক মুনীন বৰুৱা, ২০১৭ বৰ্ষত কলা নিৰ্দেশক তথা সংগীত নাটক একাডেমি বঁটাপ্ৰাপক নুৰুদ্দিন আহমেদ, ২০১৮ বৰ্ষত বিশিষ্ট সংগীতজ্ঞ দশৰথ দাস, ২০১৯ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামী, ২০২১ বৰ্ষত বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত আৰু ২০২২ বৰ্ষত বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক প্ৰদান কৰিছে আৱাহন থিয়াটাৰৰ ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটা৷ অহা ২৫ আগষ্টত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আৱাহন থিয়েটাৰৰ ৪৪ সংখ্যক নাট্যবৰ্ষৰ নাট শুভাৰম্ভণি অনুষ্ঠানত ২০২৩ -২৪ বৰ্ষৰ ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰিব৷ উল্লেখ্য যে এই বঁটাত আছে নগদ ধনৰ লগতে অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু আৱাহন থিয়েটাৰৰ প্ৰতীকপট।

প্ৰেৰক কল্যাণ কলিতা

You might also like