নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৌদিশে হোমেন বৰগোহাঞিৰ আৰোগ্য প্রার্থনা

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ প্রথিতযশা কথাশিল্পী তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ আশু–আৰোগ্য কামনাৰে আজি দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত শ্রীশ্রী মহাবিষ্ণু যজ্ঞস্থলীত ৰাজহুৱাভাৱে বন্তি প্রজ্বলন কৰা হয়৷ কালীকান্ত নিউজ এজেন্সীৰ উদ্যোগত আয়োজিত বন্তি প্রজ্বলন কার্যসূচীত দক্ষিণ কামৰূপ মহাবিষ্ণু যজ্ঞ ধর্মৰ সম্পাদক ৰমেন কলিতা, অৱসৰপ্রাপ্ত বেংক বিষয়া ৰমেশ চন্দ্র শর্মা, প্রখ্যাত ফুটবলাৰ নৰেন দাস, সৰবৰহী অৱসৰপ্রাপ্ত বিষয়া ৰবীন কলিতা, প্রাক্তন ছাত্রনেতা ৰূপম কলিতা, শিক্ষক প্রদীপ কলিতা, চিকিৎসক ডাঃ প্রসন্ন কলিতা, আইনৰ ছাত্র তাপস মেধি, ৰামপুৰ ফুটবল কোচিং চেণ্টাৰৰ প্রশিক্ষক তপন কলিতা, জ্যেষ্ঠ নাগৰিক অশোক কুমাৰ দাস, যজ্ঞভূমিৰ ৰাজমেধি হেমন্ত মজুমদাৰৰ লগতে বহুসংখ্যক ব্যক্তি উপস্থিত থাকে৷ কালীকান্ত নিউজ এজেন্সীৰ স্বত্বাধিকাৰী বিমল শর্মাই এই কার্যসূচীৰ আয়োজন কৰাৰ লগতে তদাৰকো কৰে৷ বন্তি প্রজ্বলনৰ পূর্বে সদ্যপ্রয়াত দৰদী কণ্ঠশিল্পী ভিতালী দাসৰ সোঁৱৰণত এক মিনিট মৌন প্রার্থনা জনোৱা হয়৷
নলবাৰীত দল–সংগঠনৰ নেদেখাজনলৈ আকূতি
প্রসিদ্ধ সাহিত্যিক, বুৰঞ্জীবিদ, কথাশিল্পী, কৰুণাধাৰা ন্যাসৰ মুখ্য উপদেষ্টা, ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি ক’ভিড–১৯ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হোৱাত ৰাজ্যখনৰ লগতে নলবাৰীৰ বৌদ্ধিক সমাজেও দুখ প্রকাশ কৰে৷ আজি এটা বিবৃতিত কৰুণাধাৰাৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ দিপুল দাস, কার্যকৰী সভাপতি অৱনী বর্মন, সাধাৰণ সম্পাদকদ্বয় জয়ন্ত বুজৰবৰুৱা আৰু প্রমোদ তালুকদাৰে কয় যে অসমৰ বৌদ্ধিক ক্ষেত্রৰ উজ্জ্বল নক্ষত্র হোমেন বৰগোহাঞি শীঘ্রে ক’ভিড–১৯ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায় আৰু আগৰ দৰে সাহিত্য তথা বৌদ্ধিক দিশেৰে অসমক নেতৃত্ব দিয়াৰ আশা প্রকাশ কৰে৷ আনহাতে বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচার্য, শিক্ষাবিদ ড০ কৃষ্ণ চন্দ্র গৌড, ড০ সুশান্ত কাশ্যপ, নলবাৰীৰ একমাত্র মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শর্মা, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা, নলবাৰী উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কার্যনির্বাহক ডাঃ বিপিন চন্দ্র কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মা, নলবাৰী সাহিত্য সমাজৰ সভানেত্রী ড০ লীনা ডেকা, জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, আর্য সাহিত্য সভাৰ সভাপতি গোকুল চন্দ্র ডেকা, সেউজী সাহিত্য কাননৰ সভাপতি নুৰবস্ক আলী, আছুৰ ৰাজ্যিক শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, জিলা সভাপতি গুণজিৎ পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, যুৱ–ছাত্র পৰিষদৰ ৰাজ্যিক প্রচাৰ সম্পাদক ব্রজেন চৌধুৰী, জিলা সভাপতি পার্থ প্রতিম শর্মা, সাধাৰণ সম্পাদক কৌশিক বর্মন, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, অগপৰ জিলা সভাপতি আনন্দ ৰাজবংশী, কংগ্রেছৰ জিলা সভাপতি সুৰেশ মহন্ত, চি পি আই (এম) দলৰ জিলা সম্পাদক মণ্ডলীৰ সদস্য ৰবীন মিশ্র, নলবাৰী জিলা সাংবাদিক সন্থাৰ প্রধান সম্পাদক ৰমেন কলিতা, জিলা প্রেছ ক্লাবৰ সভাপতি কমলেশ শর্মা, প্রধান সম্পাদক ব্রজেন তালুকদাৰ, সাংবাদিক পৰিষদৰ জিলা সভাপতি শৈলেন্দ্র গোস্বামী, সাধাৰণ সম্পাদক প্রাঞ্জল শর্মা, নলবাৰী প্রেছ ক্লাবৰ সভাপতি জিতেন শর্মা, সম্পাদক মজিবৰ ৰহমান, দক্ষিণ নলবাৰী প্রেছ ক্লাব বাঁহজানীৰ সভাপতি কামিনীকান্ত মিশ্র, সম্পাদক শংকৰ শর্মাসহ বিভিন্ন দল–সংগঠনে আশু আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷

You might also like