দ্বিজেন্দ্র নাৰায়ণ শর্মাক ‘গ্রন্থ বান্ধৱ’ উপাধি প্রদানৰ প্রস্তাৱ
প্রেৰণা পুথিভঁৰালত শিক্ষক দিৱস পালন
নিয়মীয়া বার্তা, ৬ ছেপ্টেম্বৰঃ প্রেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ উদ্যোগত কালি প্রেৰণা পুথিভঁৰালত অনুষ্ঠিত শিক্ষক দিৱসৰ এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত পুথিভঁৰালৰ প্রতিষ্ঠাপক তথা মুখ্য পৰিচালক, প্রবক্তা দ্বিজেন্দ্র নাৰায়ণ শর্মাক গামোচা, শৰাই, সম্বর্ধনা পত্র, গছপুলি আৰু গ্রন্থৰে বিপুলভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷
মধুস্মিতা বর্মনৰ এটি গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত নতুন দেহৰ শাখাৰ মুখ্য পৰিচালক বনজিত ডেকাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসমত এক প্রগতিশীল গ্রন্থ আন্দোলনৰ সূচনা কৰা প্রেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্র নাৰায়ণ শর্মা বৌদ্ধিক ক্ষেত্রখনৰ এক পৰিচিত নাম৷
উল্লেখ্য যে এই অনুষ্ঠানত প্রেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাই দ্বিজেন্দ্র নাৰায়ণ শর্মাক ‘গ্রন্থ বান্ধৱ’ উপাধি প্রদান কৰাৰ প্রস্তাৱ উত্থাপন কৰে আৰু অহা ২০২১ চনৰ ফেব্রুৱাৰী মাহৰ ২৭ তাৰিখে তেওঁৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আনুষ্ঠানিকভাৱে এই উপাধি প্রদান কৰাৰ পোষকতা কৰে৷
অনুষ্ঠানত প্রেৰণা পুথিভঁৰালৰ সৈতে জডিত শিক্ষক–শিক্ষয়িত্রী মামণি দেৱী, সুশীল মালাকৰ, গগণ দাস, নীলোৎপল তালুকদাৰ, তৰালী শর্মা আৰু প্রদীপ ডেকাকো সম্বর্ধনা জনোৱা হয়৷