নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহামপুৰত প্ৰেৰণা পুথিভঁৰালৰ বাৰ্ষিক অধিৱেশন

তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা আৰু এখন গ্ৰন্থ উন্মোচন, নাটক মঞ্চস্থ

নিয়মীয়া বাৰ্তা, শোলমাৰা, ৪জানুৱাৰী : ‘যি সময়ত কিতাপৰ অস্তিত্ব থাকিবনে নাই, তাক লৈ বিতৰ্কৰ অন্ত নাই, তেনে সময়তে প্ৰেৰণা পুথিভঁৰাল নিঃসন্দেহে এক বিৰল ব্যতিক্ৰম । সমাজত সৃষ্টি হোৱা অপৰাধসমূহ মূলতঃ দুটা শ্ৰেণীৰ দ্বাৰা সংঘটিত হয়- এটা ধনীক আৰু আনটো দুখীয়া, কিন্তু পাৰ্থক্য এইটো যে দুখীয়া শ্ৰেণীয়ে এক বিশেষ অৱস্থাত পৰিহে অপৰাধ কৰে । সমাজৰ দুই শ্ৰেণীৰ সৃষ্টিৰ অন্তৰ্নিহিত কাৰণটো বুজিবলৈ আমি পুথিভঁৰাললৈ আহিব লাগিব ।’ – এই বক্তব্য বিশিষ্ট মানৱ অধিকাৰ কৰ্মী শান্তনু বৰঠাকুৰৰ । যোৱা ২ জানুৱাৰীত অনুষ্ঠিত প্ৰেৰণা পুথিভঁৰালৰ ২২ সংখ্যক বাৰ্ষিক অধিৱেশনত বক্তব্য ৰাখি আন এগৰাকী বক্তা, বাওঁপন্থী কৰ্মী নিৰংকুশ নাথে কয় যে প্ৰেৰণা পুথিভঁৰালৰ ৰূপান্তৰৰ যি যুঁজ তাত অন্তৰ্নিহিত হৈ আছে এক আদৰ্শগত তাড়ণা আৰু সেই তাড়ণা সৃষ্টিৰ বাবে ছাত্ৰ কালৰ পৰাই ৰাজনৈতিক চেতনাৰ পৰিৱেশ গঢ়াৰ প্ৰয়োজন । আন এগৰাকী বক্তা, সংগ্ৰামী নেতা সুব্ৰত তালুকদাৰে কয় যে নতুন শিক্ষা নীতিৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ সম্পূৰ্ণ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ । অৰ্থাৎ সমগ্ৰ শিক্ষা ব্যৱস্থা পুঁজিপতিৰ হাতত গতাই দিয়াটোৱেই নতুন শিক্ষানীতিৰ ভিতৰুৱা উদ্দেশ্য ।

ইয়াৰ আগতে পুৱা প্ৰেৰণা পুথিভঁড়ালৰ পতাকা উত্তোলন কৰে পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । তাৰ পাছতে পুথিভঁড়ালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ অধিৱেশন আৰম্ভ হয় সমবেত কন্ঠত গোৱা এটি জ্যোতি সংগীতেৰে । গীত পৰিৱেশন কৰে অটল ডেকা, ধৃতিস্মিতা ভট্টাচাৰ্য, শুভাংগম শৰ্মা, অমন আহমেদ আৰু আচমিন আহমেদে । নৃত্য পৰিৱেশন কৰে কুঁৱলী ডেকা, দিক্ষু শালৈ, অৰিস্মা বেগম, সৃষ্টি ডেকা, অন্তৰা মজুমদাৰ আৰু অনুষ্কা বৰপূজাৰীয়ে । দলীয় নৃত্য পৰিৱেশন কৰে প্ৰেৰণা পুথিভঁড়াল আৰু ইয়াৰ নতুন দেহৰ তথা ধমধমা-গড়ভিতৰ শাখাৰ সদস্য-সদস্যা সকলে । এই অধিৱেশনতে বক্তব্য প্ৰদান কৰে তিলক শৰ্মা আৰু প্ৰদীপ ডেকাই ‌।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় মূল অধিৱেশন । এই অধিৱেশনত বক্তব্য ৰাখে – ডাঃ ৰূপম চৌধুৰী, কমল নয়ন মিশ্ৰ, ড০ মৃণাল বৰ্মন, আব্দুল মজিদ, বনজিত ডেকা, নূৰ ইছলাম আলী, গংগাধৰ বৰ্মন, এম. মহিবৰ ৰহমান, কমলেশ শৰ্মা, ৰাজেন বৈশ্য, শান্তনু কোঁৱৰ, তপন কলিতা আৰু তিলক হাজৰিকাই । স্বৰচিত কবিতা পাঠ কৰে অৰুণ কুমাৰ গোস্বামীয়ে । নৃত্য পৰিৱেশন কৰে কৃষ্টি বৰুৱাই । আবৃত্তি কৰে – হৃষীকেশ বৰপূজাৰী, তৰালী শৰ্মা, বৰষা বৰ্মন, বন্দনা দেৱী, ৰাজপ্ৰতীম পাটোৱাৰী আৰু নয়নমণি বৰ্মনে ।

অনুষ্ঠানত গীত পৰিৱেশন কৰে ব্ৰজেন বৈশ্য, মনোৰঞ্জন ভাগৱতী, সৃষ্টি ভৰষা ডেকা, চন্দন শৰ্মা আৰু ভনিতা নাথে । গ্ৰন্থদান কৰে বিপুল শৰ্মা, দ্বিজেন কাকতি, অপৰ্ণা দেৱী, বসন্ত মজুমদাৰ আৰু ডেইজী কলিতাই । এই অনুষ্ঠানতে প্ৰেৰণা পুথিভঁৰালৰ ২০২১ বৰ্ষৰ পঢ়ুৱৈ বঁটা প্ৰদান কৰা হয় হৃষীকেশ বৰপূজাৰীক । বছৰটোৰ শ্ৰেষ্ঠ কৰ্মী বঁটা প্ৰদান কৰা হয় বনজিত ডেকা, তৰালী শৰ্মা, হৃষীকেশ বৰপূজাৰী, অৰ্ণৱ বৰ্মন, অংকুৰ তালুকদাৰ, অভিনৱ নাৰায়ণ শৰ্মা, মৃণ্ময় হালৈক ।

উল্লেখ্য যে অধিৱেশনত তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । প্ৰেৰণা পুথিভঁৰালৰ প্ৰাচীৰ পত্ৰিকা ‘অণ্বেষণ’ উন্মোচন কৰে শান্তনু বৰঠাকুৰে, পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখা আৰু
নতুন দেহৰ শাখাৰ প্ৰাচীৰ পত্ৰিকা ক্ৰমে ‘প্ৰত্যুষ’ আৰু ‘প্ৰয়াস’ উন্মোচন কৰে সুব্ৰত তালুকদাৰ আৰু নিৰংকুশ নাথে । ড: বন্দিতা মুদিয়াৰ ডেকাৰ দ্বাৰা অনুদিত বিখ্যাত ওড়িয়া উপন্যাস মনোজ দাসৰ ‘অমৃতফল’ উন্মোচন কৰে শান্তনু বৰঠাকুৰে ।

অধিৱেশনত আবেলি মঞ্চস্থ কৰা হয় নয়নমণি বৰ্মনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত শিশু নাট ‘চেং মনৰ বিহু’ । জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

You might also like