নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত ১৩ খন সৰু সৰু মঞ্চ তৈয়াৰ কৰি ভিন্ন লোককৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা, কাইলৈ তামুলপুৰত ৰাষ্ট্ৰপতি কোবিন্দ

বিশেষ বাৰ্তা, ৩ মেঃ ৪ মে’ত অসম ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। প্ৰকাশিত ভ্ৰমণসূচী মতে, ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। তামুলপুৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ বড়ো সাহিত্য সভাই বিশেষ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ জানিব পৰা মতে, তামুলপুৰৰ সেনা চাউনীৰ হেলী পেডত অৱতৰণ কৰি অধিৱেশনস্থলীলৈ পাঁচ কিলোমিটাৰ পথ যোৱাৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ বাবে বিশেষ আকৰ্ষণ হ’ব অসমৰ লোক কৃষ্টি। পাঁচ কিলোমিটাৰ পথত ১৩ খন সৰু সৰু মঞ্চ তৈয়াৰ কৰি ১৩ টা দলে অসমৰ ভিন্ন লোককৃষ্টি প্ৰদৰ্শন কৰিব। তদুপৰি বঅধিৱেশনথলীত ৰাষ্ট্ৰপতিৰ বাবেই কেৱল এটা বিশেষ প্ৰবেশৰ বাট সাজি উলিওৱা হৈছে।

You might also like