নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত আজি মহিলাৰ মাজত সামগ্ৰী বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ কাৰ্যলয়ত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়- বৰ্তমানৰ চৰকাৰে মহিলাসকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷
মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে ৷ মহিলাসকলৰ বিভিন্ন সমস্যা দূৰ কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ আজি অনুসূচিত জাতি উন্নয়ন বৰ্ডে মহিলাসকলৰ মাজত সামগ্ৰী বিতৰণ কৰাটো এক ভাল পদক্ষেপ ৷ অনুষ্ঠানত নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাস, সদস্য হীৰক জ্যোতি দাস, অনুপম দাস, পৰিদৰ্শক অভিজিত ফুকন আদিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানতে ৬০গৰাকী মহিলাক এল পি জি গেছ, প্ৰেছাৰ কুকাৰ আদি বিতৰণ কৰে ৷