নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত ভূমিহীন হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কলনীৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল: অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু খনিজ সম্পদ, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ অধীনস্থ খুমটাই গাঁও পঞ্চায়ত এলেকাত ভূমিহীন হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ কলনিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি ৰাজহ মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত হিতাধিকাৰী সকলক আন্তৰিক অভিনন্দন জনায়। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক সুধাকৰ সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, জিলা পৰিষদৰ সভাপতি বন্তি কোঁৱৰ, মাহমৰাৰ খণ্ড উন্নয়ন বিষয়া সুনাম দাসৰ লগতে মাহমৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী উৰ্মিলা গগৈ, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মা আৰু জিলা এম. আই. এছ. প্ৰবন্ধক দুৰ্লভ কোঁৱৰ উপস্থিত থাকে। উল্লেখযোগ্য যে, মাহমৰা উন্নয়ন খণ্ডত অধীনত ২০১৯-২০ বৰ্ষৰ আবন্টিত পুঁজিৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ আঁচনিৰ অধীনত ৪৩ গৰাকী ভূমিহীন হিতাধিকাৰীৰ বাবে ১০ বিঘা চৰকাৰী ভূমিত প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ কলনি স্থাপন কৰা কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। ৰাজ্য ভিত্তিত দ্বিতীয় বাৰৰ বাবে চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাৰ জয়পুৰ উন্নয়ন খণ্ডৰ অধীনত এনে পদক্ষেপৰ পাতনি মেলা হৈছিল।

প্ৰেৰক দীপাংকৰ পাল

You might also like