নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ক’ভিড–১৯ৰ শংকা আৰু লাডাখত চীনৰ সৈতে সংঘাতৰ সময়তে কালিৰেডিঅ’ৰ জনপ্রিয় কার্যসূচী মন কী বাতৰ ৬৬সংখ্যক সংস্কৰণৰ যোগেদি দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মহামাৰী ক’ভিড–১৯ সৃষ্ট পৰিৱেশৰ পৰা
লাডাখৰ গালৱান উপত্যকাত চীন–ভাৰতৰ সেনাৰ সংঘর্ষৰ উপৰি থলুৱা সামগ্রীক উৎসাহিত কৰাকে ধৰি কেইবাটাও বিষয়ক প্রাধান্য দিয়ে প্রধানমন্ত্রী মোদীয়ে৷ কালি পুৱা ১১ বজাত ৰেডিঅ’ কার্যসূচীৰ যোগেদি দেশবাসীক ক’ভিড–১৯ৰ বাবে সৃষ্ট পৰিৱেশত কিদৰে দেশবাসীয়ে নিজকে মিলাই ল’বলৈ সক্ষম হৈছে, সেই সন্দর্ভত ব্যাখ্যা কৰাৰ সমান্তৰালকৈ আনলকৰ সময়ত দেশবাসীক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বর্তাই ৰখাত অধিক সজাগ হ’বলৈ আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে।
ভোকেল ফৰ লোকেলক প্রাধান্য দিয়া অসমৰ ৰজনী নামৰ লোকজনৰ পত্রৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰজনীয়ে লাডাখৰ সংঘর্ষৰ পাছত থলুৱা সামগ্রীক উৎসাহিত কৰাৰ পণ লৈছে৷ থলুৱাক উৎসাহিত কৰা তেওঁৰ এই পদক্ষেপ অতি প্রশংসনীয়৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ যুঁজত উত্তৰ–পূর্বাঞ্চলৰ আন এখন ৰাজ্য অৰুণাচল প্রদেশৰ মিৰেম গাঁওবাসীয়ে নিজাকৈ কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰি দেশবাসীক উদাহৰণ দাঙি ধৰিলে বুলি শলাগ লয়৷
ইপিনে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যক উচিত প্রত্যুত্তৰ দি শ্বহীদ হোৱা কর্নেলসহ ২০ ভাৰতীয় জোৱানৰ আত্মবলিদানক লৈ সমগ্র দেশবাসী গৌৰৱান্বিত বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে।তদুপৰি লাডাখত চকুত চকু থৈ ভাৰতে চীনক যথোচিত প্রত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে চীনৰ সৈতে সীমা সমস্যা শক্তিশালীভাৱে দেশে মোকাবিলা কৰা বুলি কয়৷ চীনৰ নাম নোলোৱাকৈ প্রধানমন্ত্রী মোদীয়ে চুবুৰীয়া ৰাষ্ট্রখনক কঠোৰ সকীয়নি দি কয় যে ভাৰতে ভাল বন্ধুত্ব গঢ়িব জানে, কিন্তু কোনোবাই যদি দেশৰ সার্বভৌমত্বত আঘাত কৰিব বিচাৰে, তেতিয়াহ’লে তাক যথোচিত প্রত্যুত্তৰ দিবও জানে৷
আত্মনির্ভৰ ভাৰত গঢ়াৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে জনতাৰ অংশগ্রহণ অবিহনে কোনো অভিযান সফল নহয় বুলি মত প্রকাশ কৰে৷ প্রতিগৰাকী নাগৰিকে আত্মনির্ভৰ ভাৰত গঢ়াৰ ক্ষেত্রত সহযোগিতা আৰু উছর্গিত মনেৰে আগবাঢ়ি যাব লাগিব বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে। লকডাউনৰ সময়ত ভাৰতীয় পৰম্পৰাগত খেলসমূহ সজীৱ হৈ পৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এনেধৰণৰ খেলে পৰিয়ালৰ মাজত সম্পর্ক অধিক গাঢ় কৰাৰ লগতে জ্ঞান আৰু বৌদ্ধিক বিকাশ ঘটে বুলিও কয়৷
লক্ষণীয় যে ২০২০ চনটো অনেক প্রত্যাহ্বানৰ বছৰ বুলি দেশবাসীৰ আলোচনাত স্থান পোৱাৰ কথা উল্লেখ কৰি কয় যে প্রত্যাহ্বান আহিলেই বছৰটোক দোষাৰোপ কৰিব নোৱাৰি৷ ভাৰতৰ ইতিহাসত এনে বছৰ আছে, যিবোৰ প্রত্যাহ্বানক অতিক্রম কৰি দেশখন জয়ী হ’বলৈ সক্ষম হৈছে৷ দেশৰ শক্তিশালী সাংস্কৃতিক ভাবনাৰে সকলো প্রত্যাহ্বানক সফলতালৈ ৰূপান্তৰিত কৰাৰ উদাহৰণ অনেক আছে বুলি কয় প্রধানমন্ত্রীয়ে।
তেনেদৰে দেশৰ শিশুসকলক প্রধানমন্ত্রী মোদীয়ে আহ্বান জনাই কয় যে পৰিয়ালৰ জ্যেষ্ঠজনৰ সাক্ষাৎকাৰ ম’বাইলত লিপিবদ্ধ কৰি জ্যেষ্ঠজনৰ শৈশৱৰ ঘটনাসমূহ জানিলে তাৰ দ্বাৰা সেই সময়ছোৱাৰ অঞ্চলটোৰ বিষয়ে জানিব পৰা যাব৷ শিশুসকলে সাংবাদিকে যিধৰণে সাক্ষাৎকাৰ গ্রহণ কৰে, ঠিক তেনেধৰণেৰে তেওঁলোকেও সেই কাম কৰিব পাৰিব বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ দেশৰ প্রাক্তন প্রধানমন্ত্রী নৰসিংহ ৰাওৰ জন্ম শতবার্ষিকী উপলক্ষে আজি মহান নেতাগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ বিশাল পাণ্ডিত্য আৰু ৰাজনৈতিক বিচক্ষণতাক সোঁৱৰণ কৰে৷