নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত বিদ্যালয়ৰ ২৫ শতাংশ মাচুল কিয় ৰেহাই দিব নোৱাৰি?

ৰাজ্য চৰকাৰক প্রশ্ণ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ   ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ পৰিছে ৰাজ্যৰ শৈক্ষিক প্রতিষ্ঠানসমূহ৷ কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে নিয়মীয়া পাঠদান অব্যাহত নথকা সত্ত্বেও সংগ্রহ কৰি আহিছে মাচুল৷ এই প্রসংগ এতিয়া উত্থাপন হৈছে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ শেহতীয়াকৈ এই সন্দর্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি পূর্বে ৰাজ্য চৰকাৰে জাৰি কৰা এখন নির্দেশনাৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ২৫ শতাংশ মাচুল ৰেহাই দিয়াৰ বাবে নির্দেশনা কিয় জাৰি কৰিব নোৱাৰে বুলি প্রশ্ণ উত্থাপন কৰিছে ন্যায়ালয়ে৷ অৱশ্যে এইক্ষেত্রত উত্তৰ প্রদান কৰিবলৈ সময় বিচাৰে ৰাজ্য চৰকাৰৰ অধিবক্তাই৷ উল্লেখ্য যে মার্চ মাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছিল৷ পৰৱর্তী সময়ত ৰাজ্যৰ শিক্ষা বিভাগে বিগত এপ্রিল মাহৰ বাবে ৫০ শতাংশ মাচুল ৰেহাই দিবলৈ এক নির্দেশনা জাৰি কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত অধিক সময়ৰ বাবে এই মাচুল ৰেহাইৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ যোৱা ২২ এপ্রিলত বিভাগীয়ভাৱে জাৰি কৰা এখন গাইডলাইনত ৫০ শতাংশ মাচুল ৰেহাইৰ লগতে লকডাউনৰ সময়ত বিদ্যালয়সমূহৰ বিভিন্ন সেৱা বন্ধ হৈ থকা বাবে ২৫ শতাংশ মাচুল বিদ্যালয়সমূহে ৰেহাই দিব পাৰে বুলি উল্লেখ কৰা হৈছিল৷ বিশেষকৈ বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে বৈদ্যুতিক বিল, পৰিবহণৰ খৰচ, আৱাসিক বিদ্যালয়সমূহত হোষ্টেলৰ খাদ্যৰ বাবদ হোৱা খৰচ, ছুইমিং পুল, বিজ্ঞানাগাৰ, কম্পিউটাৰ লেবৰেটৰী আদিৰ নিয়মীয়া খৰচ আদি সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ যাৰ বাবে এই ২৫ শতাংশ মাচুল ৰেহাইৰ পোষকতা কৰিছিল ৰাজ্য চৰকাৰে৷ এই নির্দেশনাৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে ২৫ শতাংশ ৰেহাইৰ ক্ষেত্রত কিয় নির্দেশনা জাৰি কৰিব নোৱাৰে বুলি প্রশ্ণ উত্থাপন কৰে৷ অহা ১৯ আগষ্টত এই গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰিব৷ অৱশ্যে গোচৰটো বিচাৰাধীন হৈ থাকিলেও মাচুল ৰেহাইৰ ক্ষেত্রত পদকীয়া পক্ষই নির্দেশনা জাৰি কৰাৰ ক্ষেত্রত কোনো বাধা নাথাকিব বুলিও উল্লেখ কৰিছে ন্যায়ালয়ে৷

You might also like