নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বন্যার্তলৈ সহায়ৰ হাত প্রিয়ংকা চোপ্রা স্বামী নিক জোনাছৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ ক্রমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰা ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে অসম পর্যটনৰ প্রাক্তন ব্রেণ্ড এম্বেছাডৰ তথা জনপ্রিয় অভিনেত্রী প্রিয়ংকা চোপ্রাই৷ ইতিমধ্যে বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে সাহায্যও আগবঢ়াইছে প্রিয়ংকা চোপ্রা আৰু তেওঁৰ স্বামী নিক জোনাছে৷ টুইটাৰযোগে এই কথা সদৰী কৰিছে জনপ্রিয় অভিনেত্রীগৰাকীয়ে৷

অসমৰ বান পৰিস্থিতিৰ মাজতে দুর্গতসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা কেইবাটাও সংগঠনৰ কথা উল্লেখ কৰি টুইটাৰযোগে তেওঁ নিজৰ অনুৰাগীসকলকো সহায়–সহযোগ কৰিবলৈ আহ্বান জনাইছে৷ টুইটাৰত প্রিয়ংকাই উদ্বিগ্ণতা প্রকাশ কৰি এইবুলি কয়– ‘বিশ্ব মহামাৰীৰ সৈতে আমি সকলোৱে যুঁজি থকাৰ সময়তে অসম আন এক সমস্যাৰ সন্মুখীন হৈছে৷ বানত বিপর্যস্ত ৰাজ্যখনত ক্ষতিগ্রস্ত হৈছে কেইবা নিযুত লোক৷ বানপানীয়ে অসমৰ ৰাইজৰ জীৱন আৰু সম্পদৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷

দ্রুতগতিত বৃদ্ধি হোৱা বাঢ়নী পানীয়ে বিশ্বৰ অন্যতম সর্বশ্রেষ্ঠ ৰাষ্ট্রীয় উদ্যান কাজিৰঙা বুৰাই পেলাইছে৷ অসমক আমাৰ সাহায্য আৰু সমর্থনৰ প্রয়োজন৷’ প্রিয়ংকাৰ লগতে অসমৰ বানপানীৰ বাবে সহায়–সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই একেটা বার্তা টুইটাৰত আপলোড কৰিছে তেওঁৰ স্বামী তথা জনপ্রিয় গায়ক নিক জোনাছে৷

You might also like