নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ফেব্রুৱাৰীত অসমত নির্বাচনী ৰণশিঙা বজাব প্রিয়ংকা গান্ধীয়ে

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰ চলোৱাৰ বাবে অহা ২৪ ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ প্রিয়ংকা গান্ধীয়ে সেইদিনা তেজপুৰত এক নির্বাচনী জনসভাত অংশগ্রহণ কৰিব৷ প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, কংগ্রেছ নেতা ৰাহুল গান্ধী পুনৰ অসম ভ্রমণলৈ আহিব৷ ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক লৈ প্রদেশ কংগ্রেছে বৰাক উপত্যকা, উত্তৰ অসম আৰু নামনি অসমত এই মাহৰ ভিতৰতে কমেও তিনিখন জনসভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে৷ অচিৰেই তেওঁলোকৰ ভ্রমণসূচীৰ দিন–তাৰিখ প্রকাশ পোৱাৰ সম্ভাৱনা আছে৷

ইপিনে ৰাজ্যখনৰ জনসাধাৰণৰ সমস্যাসমূহ দাঙি ধৰাৰ বাবে প্রদেশ কংগ্রেছে অসম বচাওঁ আহক নামে এক অনলাইন ভিডিঅ’ প্রতিযোগিতাৰ আয়োজন কৰে৷ যোৱা ১০ ফেব্রুৱাৰীত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এই অভিযানৰ শুভাৰম্ভ কৰে৷ সমাজৰ সকলো শ্রেণীৰ দল–মত নির্বিশেষে ৰাইজৰ বাবে মুকলি কৰা এই অভিযানত অংশগ্রহণ কৰা প্রথমটো দলৰ বিজয়ীসকলৰ নাম আজি প্রদেশ কংগ্রেছে ঘোষণা কৰে৷

গুৱাহাটীৰ খানাপাৰাৰ ২৩ বছৰীয়া মনস্বিতা মহন্তই প্রথম পুৰস্কাৰ হিচাপে আইফোন–১২ ম’বাইল লাভ কৰিছে৷ আইআইটি গুৱাহাটীৰ ছাত্র অভিনৱ বৰাই দ্বিতীয় পুৰস্কাৰ হিচাপে ৱানপ্লাছ ম’বাইল আৰু শিৱসাগৰ জিলাৰ ইয়ান বাণ্টাৱা আৰু টি এন প্রাণে তেওঁলোকৰ ভিডিঅ’ৰ বাবে নগদ পুৰস্কাৰ লাভ কৰিছে৷ কংগ্রেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে ভিডিঅ’কলৰ জৰিয়তে বিজয়ীসকলক অভিনন্দন জনাই কয় যে তেওঁলোকে ৰাজ্যখনক জর্জৰিত কৰা প্রাসংগিক সমস্যাবোৰৰ ওপৰত আলোকপাত কৰিছে৷ তেওঁলোকৰ প্রচেষ্টাই অসমক ৰক্ষা কৰাত যথেষ্ট সহায় কৰিব৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈ, মিডিয়া আৰু যোগাযোগ কমিটীৰ অধ্যক্ষ আব্দুল খালেকেও প্রতিযোগিতাখনৰ বিজয়ীসকলক অভিনন্দন জনায়৷

উল্লেখ্য যে অসম বচাওঁ আহক ভিডিঅ’ প্রতিযোগিতাত এতিয়ালৈ ১০ হাজাৰৰো অধিক লোকে ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰিছে৷ অনাগত দিনত এই সংখ্যা এক লাখৰো অধিক হোৱাৰ আশা কৰিছে৷

You might also like