বিশ্বনাথত পিঠিত টুকুৰী লৈ চাহ শ্ৰমিকৰ সৈতে কেঁচা পাত তুলিলে প্ৰিয়ংকা গান্ধীয়ে…
- চাহ বাগানৰ মহিলা শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ
- তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব
- অংশ ল’ব তেজপুৰত নিৰ্বাচনী সভা
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱদ্ৰাৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এইকেইদিন নিৰ্বাচনী প্ৰচাৰ চলাই আছে, যাৰ বাবে তেওঁ বাৰ্তালাপ কৰিছে বহুকেইখন জিলাৰ জনসাধাৰণৰ লগত।
আজি প্ৰিয়ংকাই তেজপুৰত এখন বিশাল জনসভাত অংশ ল’ব। তাৰ পূৰ্বে পুৱাই ছোনিয়া তনয়া প্ৰিয়ংকা উপস্থিত হয়গৈ প্রতাপগড় চাহ বাগিচাত৷ এঘণ্টাৰো অধিক সময় চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কটায় প্ৰিয়ংকাই। এই সময়ছোৱাত শ্ৰমিকৰ সৈতে কেঁচা পাত তোলা দেখা গ’ল নেত্ৰীগৰাকীক।
প্ৰিয়ংকা গান্ধীয়ে লগতে টুইট কৰে, “অসমৰ বহুৰঙী সংস্কৃতিয়ে হৈছে অসমৰ শক্তি। অসম ভ্ৰমণৰ সময়ত অনুভৱ কৰো যে এই বহুৰঙী সংস্কৃতি ৰক্ষা কৰিবলৈ মানুহ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলটো তেওঁলোকৰ সৈতে আছে। জয় আই অসম”