বিটিচিৰ নতুন পৰিষদক স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চ ন্যায়ালয়ৰ নির্দেশ
প্রমোদ বড়োৰ বিৰুদ্ধে হাইক’টত হাগ্রামা মহিলাৰীৰ গোচৰ
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ প্রত্যাশিতভাৱে বিটিচিৰ নতুন পৰিষদৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী৷ বিজেপি আৰু গণ সুৰক্ষা পার্টীৰ সহযোগত গঠন কৰা প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত মহিলাৰীয়ে ৰুজু কৰিছে গোচৰ৷ বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে দাখিল কৰা ৫৬৫০/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে নতুনকৈ দায়িত্ব লোৱা বিটিচি পৰিষদক স্থিতাৱস্থা বাহাল ৰাখিবলৈ নির্দেশ দিছে৷ অর্থাৎ উচ্চ ন্যায়ালয়ে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত প্রমোদ বড়োৰ নেতৃত্বত গঠিত নতুন পৰিষদখনে কোনো কাম–কাজ কৰিব নোৱাৰিব৷ তদুপৰি নতুন পাৰিষদ নিযুক্তি তথা অন্যান্য কাম–কাজৰ পৰাও আঁতৰি থাকিব লাগিব বিটিচি পৰিষদ৷ গোচৰটোৰ পৰৱর্তী শুনানি অহা ২২ ডিচেম্বৰত ধার্য কৰা হৈছে৷ ইয়াৰ লগে লগে প্রমোদ বড়োৰ বিটিচি চৰকাৰ গঠন হোৱাৰ দুদিন পাছতে আইনী মেৰপেঁচত সোমাই পৰিল৷ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত বিটিচি নির্বাচনত বি পি এফে সর্বাধিক ১৭খন আসন লাভ কৰাৰ বিপৰীতে ইউ পি পি এলে ১২খন, বিজেপিয়ে ৯খন, গণ সুৰক্ষা পার্টীয়ে এখন আৰু কংগ্রেছে এখন আসন লাভ কৰিছিল৷ যাৰ বাবে নতুন পৰিষদ গঠনক লৈ সৃষ্টি হৈছিল জটিলতা৷ কিয়নো অকলশৰীয়াকৈ বিটিচি পৰিষদ গঠন কৰিবলৈ কোনো এটা দলেই লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা৷ অৱশ্যে ইয়াৰ মাজতে ইউ পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পার্টীয়ে মিত্রজোঁটেৰে চৰকাৰ গঠনৰ প্রস্তুতি চলায় আৰু ৰাজ্যপালক সাক্ষাৎ কৰে৷ ইয়াৰ ভিত্তিতে ৰাজ্যপালৰ নির্দেশমর্মে যোৱা ১৫ ডিচেম্বৰত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰে প্রমোদ বড়োৱে৷ অৱশ্যে বিটিচি নির্বাচনত সর্বাধিক আসন লাভ কৰা বি পি এফক চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে আমন্ত্রণ নজনোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে দলটোৱে৷ ইয়াৰ মাজতে বি পি এফ দলৰ পৰা নতুন পৰিষদক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি প্রকাশ কৰা হৈছিল৷ সেই অনুসৰি হাগ্রামা মহিলাৰী আৰু আন পাঁচগৰাকী ব্যক্তিয়ে নতুন পৰিষদখনক প্রত্যাহ্বান জনাই লেখ আবেদন দাখিল কৰে৷ এই আবেদনত উল্লেখ কৰা অনুসৰি ৰাজ্যপালৰ অনুমোদনমর্মে নতুন পৰিষদ গঠন প্রক্রিয়া বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (নির্বাচন) বিধি–২০০৪ আৰু অসম স্বায়ত্তশাসিত জিলা (জিলা পৰিষদ গঠন) বিধি–১৯৫১ ভংগ কৰা হৈছে৷ আবেদনখনত এইবুলিও উল্লেখ কৰা হৈছে যে বিটিচি পৰিষদৰ নির্বাচিত সদস্যসকলৰ মাজত কোনো নির্বাচন অনুষ্ঠিত নকৰাকৈয়ে দলৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিয়া হৈছিল৷ সেইদৰে দলৰ মাজত নির্বাচন অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিয়া হৈছে মুখ্য কার্যবাহী সদস্যও৷ একেদৰে নির্বাচনত সর্বাধিক আসন লাভ কৰা দল হিচাপে বি পি এফক পৰিষদ গঠনৰ বাবে আমন্ত্রণ জনাব লাগিছিল বুলিও উল্লেখ কৰিছে হাগ্রামা মহিলাৰীয়ে৷ কিন্তু পৰিষদ গঠন কৰিবলৈ তেওঁলোকক আমন্ত্রণ নকৰি পৰম্পৰাৰ লগতে কেইবাটাও বিধি ভংগ কৰিছে বুলি উল্লেখ কৰা হৈছে৷ তদুপৰি বিটিচি পৰিষদৰ বাবে ছগৰাকী ব্যক্তিক ৰাজ্যপালে মনোনয়ন কৰা কার্যকো এই আবেদনৰ জৰিয়তে প্রত্যাহ্বান জনোৱা হৈছে৷ এয়াও বে–আইনী বুলি উল্লেখ কৰিছে হাগ্রামা মহিলাৰীয়ে৷ অর্থাৎ নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে নতুন কার্যবাহী পৰিষদখনে গ্রহণ কৰা পদক্ষেপসমূহ শুদ্ধ নাছিল বুলি হাগ্রামা মহিলাৰীয়ে অভিযোগ কৰিছে৷ সেয়েহে হাগ্রামাৰ এই অভিযোগক উচ্চ ন্যায়ালয়ে পৰৱর্তী কি নির্দেশনা জাৰি কৰে সেয়া লক্ষণীয় হ’ব৷