বিশেষ বাৰ্তা, ৩০ আগষ্ট : টাই আহোমসকলক জনজাতিকৰণ, স্বায়ত্তশাসন প্ৰদান কৰা আৰু আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত আজি টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি দৈনিক বজাৰৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত শতাধিক সদস্যই টাই আহোমক অপমান কৰা নচলিব, টাই আহোমসকলক শীঘ্ৰেই জনজাতিকৰণৰ ব্যৱস্থা হাতত লওক ইত্যাদিকে ধৰি শাসকীয় বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰেৰক দীপাংকৰ পাল