নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপৰ জোৰদাৰ সদস্যভর্তি অভিযান, অগপৰ আমলখিৰ উপকাৰিতাক লৈ ফেচবুকত প্রচাৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে (অজাপ) পূর্ণোদ্যমে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰাৰ বিপৰীতে নিষ্প্রভ হৈ ৰৈছে চৰকাৰৰ অংশীদাৰ আঞ্চলিক দল অসম গণ পৰিষদ৷

অগপৰ সভাপতিগৰাকীৰ নির্বাচন প্রক্রিয়া আইনী মেৰপেঁচত সোমাই পৰাৰ ফলত দলটোৰ সকলো ধৰণৰ ৰাজনৈতিক কাম–কাজ স্থবিৰ হৈ পৰিছে৷ ইয়াৰ বিপৰীতে আঞ্চলিকতাবাদত বিশ্বাসী জনসাধাৰণৰ সমর্থন আদায়ৰ বাবে ব্যাপক তৎপৰতা চলাইছে অসম জাতীয় পৰিষদে৷

অগপৰ তৃণমূল পর্যায়ৰ নেতা–কর্মীসকলৰ সৈতে অসম জাতীয় পৰিষদৰ নেতৃবর্গই ধাৰাবাহিক যোগাযোগ অব্যাহত ৰাখিছে৷ দলে–বলে অগপৰ বহু বুথ আৰু আঞ্চলিক সমিতিয়ে নতুন দলটোত যোগ দিয়াৰ প্রস্তুতি চলোৱাৰ সমান্তৰালভাৱে কেইবাটাও সৰু–বৰ দলে অজাপত চামিল হোৱাৰ বাবেও সন্মতি প্রদান কৰিছে৷ এই প্রক্রিয়া আৰম্ভ হৈছে আজিৰ পৰা৷ পৰৱর্তী সময়ত আৰু কেইবাটাও ক্ষুদ্র আঞ্চলিক দল সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হোৱা দলটোত চামিল হোৱাৰ প্রবল সম্ভাৱনা আছে৷

এইদৰে ভূমিষ্ঠ হোৱাৰ পিছতে অজাপই ৰাজ্যৰ গাঁৱে–ভূঞে তীব্র গতিত সাংগঠনিক অভিযান আৰম্ভ কৰিছে৷ একে সময়তে নতুন দলটোৰ কেন্দ্রীয় সমিতি গঠনক লৈও ব্যাপক চর্চা আৰম্ভ হৈছে৷ দলটোৰ সভাপতি হিচাপে দায়িত্ব প্রদান কৰা হ’ব অসমৰ সমাজ জীৱনৰ নিকা ভাবমূর্তিৰ কোনো এগৰাকী পৰিচিত ব্যক্তিক৷ একে সময়তে শাসক–বিৰোধীৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতায়ো অজাপত শীঘ্রে যোগদান কৰিব৷

নৱগঠিত আঞ্চলিক দলটোৰ এনে তৎপৰতাৰ বিপৰীতে অসম আন্দোলনৰ গর্ভৰ পৰা জন্মলাভ কৰা অসম গণ পৰিষদৰ শেহতীয়া কাম–কাজে বিতুষ্ট কৰি তুলিছে দলৰ বহু নেতা–কর্মীক৷ আইনী মেৰপাকত নেতৃত্বহীন হৈ পৰা অগপই আকৌ এবাৰ বিজেপিৰে মিত্রতাত আবদ্ধ হোৱাটো নিশ্চিত৷ কিন্তু ৰাজ্যত এতিয়া অসম গণ পৰিষদৰ গণভিত্তিও শূন্যপ্রায়৷

বহুকেইগৰাকী বিধায়ক নিজ নিজ সমষ্টিত প্রবল গণৰোষৰ সন্মুখীন হৈছে৷ সমাগত নির্বাচনত তেওঁলোক পৰাজয়ৰ সন্মুখীন হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷ গতিকে অগপক এই সমষ্টিসমূহ কোনো পৰিস্থিতিতে এৰি দিব বিচৰা নাই বিজেপিয়ে৷ ২০২১ চনৰ নির্বাচনত খুব কমসংখ্যক সমষ্টিহে অগপই লাভ কৰিব৷ স্বাভাৱিকতে এই সম্ভাৱনা সন্মুখত দেখি যুৱ নেতাসকলে দল এৰিবলৈ একপ্রকাৰ সাজু হৈছে৷

এনে প্রতিকূল ৰাজনৈতিক পৰিৱেশৰ মাজতো মন্ত্রিত্ব উপভোগ কৰি থকা দলৰ জ্যেষ্ঠ নেতাসকলৰ কিছু কর্মকাণ্ড কৌতুকৰ বিষয় হৈ পৰিছে৷ শেহতীয়াকৈ অগপই যুগৰ লগত খাপ খোৱাকৈ ছ’চিয়েল মিডিয়াত গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰিছিল৷ সেইমতেই মন্ত্রী–বিধায়কসকলৰ লগতে দলৰ নামতো ফেচবুক পেজ মুকলি কৰা হৈছিল৷

ইয়াৰ উদ্দেশ্য এটাই আছিল– ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক্ অগপৰ প্রতি আকর্ষিত কৰা৷ কিন্তু তাকে কৰিবলৈ গৈ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এনে কেতবোৰ বিষয় ফেচবুকৰ জৰিয়তে প্রচাৰ কৰিছে, যাক দেখি নহঁহাকৈ থাকিব নোৱাৰি৷ আজি অগপৰ ফেচবুক পেজত প্রকাশিত দুটা বিষয় আছিল চাওলুং চুকাফাৰ অসম আগমন আৰু অর্জুন গছৰ উপকাৰিতা৷

এটা ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে এনেদৰে– ‘অর্জুন গছৰ পাত, ছাল, শিপা হূৎপিণ্ডৰ মহৌষধ৷ অর্জুন গছৰ ছালৰ গুড়িৰ লগত খেজুৰ মিহলাই খালে উপকাৰী প্রমাণিত হয়৷’ একেদৰে ১৭ ছেপ্টেম্বৰত প্রচাৰ কৰা এটা ফেচবুক পোষ্ট আছিল ‘পচতি উৎসৱ’ সম্পর্কীয়৷ ১৬ ছেপ্টেম্বৰত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ক’ৰোনাৰ পৰা বাচিবলৈ গৰম পানীৰ ভাপ ল’বলৈ পৰামর্শ প্রদান কৰা হৈছে৷

১৪ ছেপ্ঢেম্বৰৰ দিনা ‘চি ভিটামিন’ৰ বাবে আমলখিৰ উপকাৰিতা সন্দর্ভত অগপই প্রচাৰ কৰিছে৷ একেদৰে ১১ ছেপ্টেম্বৰৰ দিনা দলটোৰ এটা ফেচবুক পোষ্টৰ বিষয় আছিল জ্বৰ, পানীলগাত মাটিকঁঠালৰ উপকাৰিতা৷ এয়াই হৈছে অসম গণ পৰিষদ দলটোৰ শেহতীয়া ‘ৰাজনৈতিক’ গতিবিধি৷

দলটোৰ ৰাজনৈতিক দর্শন, কর্মসূচীৰ জৰিয়তে ৰাইজক আকর্ষণ কৰাৰ সলনি আমলখি, মাটিকঁঠালৰ উপকাৰিতা প্রচাৰৰ ‘ৰণনীতি’য়ে বহু যুৱ আৰু নিষ্ঠাৱান কর্মীক অতিষ্ঠ কৰি তুলিছে৷ সেয়ে আঞ্চলিকতাবাদী ৰাজনীতিত নৱ–উন্মেষ ঘটা ‘অসম জাতীয় পৰিষদ’ৰ প্রতি ধাৱমান হৈছে অগপৰ নবীন–প্রবীণ নেতা–কর্মীসকল৷ স্বাভাৱিকতে নৱোদিত অজাপৰ সন্মুখত তেনেই স্তিমিত হৈ পৰিছে চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদ৷

You might also like