মৰিয়নিত অসমীয়া কথাছবি ‘এমুঠি পুঠি’ৰ প্ৰচাৰ
বিশেষ বাৰ্তা, ৩১ মেঃ ‘কথানদী’ আৰু ‘আমিষ’ৰ দৰে ব্যতিক্ৰমী কাহিনীৰ কথাছবিৰে দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হোৱা ভাস্কৰ হাজৰিকাৰ অন্য এক কাহিনীৰে মুক্তিৰ বাবে সাজু হৈ উঠা নতুন অসমীয়া কথাছৱি ‘এমুঠি পুঠি’ৰ আজি মৰিয়নিত প্ৰচাৰ আৰু প্ৰ’মোচন কৰা হয় । এই উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত নতুন অসমীয়া কথাছবিখনৰ প্ৰম’চন কৰা হয় । মেটাম’ৰ্মেল আৰু ৰুহান ফিল্মছে দ্য ভাইব ষ্টুডিঅ’ৰ সহযোগত প্ৰযোজনা কৰা ছৱিখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ । মৰিয়নি নকছাৰীৰ ৰ’ণাল্ড হুছেইনে ছৱিখনৰ কাষ্টিং কৰাৰ লগতে এটি চৰিত্ৰত অভিনয়ো কৰিছে । আনহাতে, মৰিয়নিৰ মঞ্চ অভিনেতা দ্বীপ শৰ্মায়ো ছবিখনত ভুমুকি মাৰিছে । মৰিয়নি মহাবিদ্যালয় ছাত্ৰ একতা সভাত সাংস্কৃতিক সম্পাদক অংকুৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰি ছৱিখনৰ প্ৰতি উৎসাহ দেখুৱায় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই কথাছৱিখনৰ শিল্পী-কলাকুশলীলৈ শুভকামনা জ্ঞাপন কৰে। অনুষ্ঠানটোত কথাছৱিখনৰ কেবাগৰাকীও অভিনেতা – অভিনেত্ৰীৰ লগতে শিল্পী কলা কুশলী উপস্থিত থাকে । উল্লেখযোগ্য যে, অহা ১৭ জুনত মুক্তি পাবলগীয়া হাস্যধৰ্মী ছবিখনত প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, নীতালি দাস, সুনয়না দত্ত আদিৰ লগতে জনপ্ৰিয় অভিনেতা ‘ল’কেল উৎপাত’ খ্যাত কেনী বসুমতাৰী, ‘বসুমতী বাইলুং’ চুমকি কছাৰী, মনালিছা ভূঞা, ৰুবুল বড়ো আদিয়েও অভিনয় কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া