নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কামৰূপৰ ধাবাত নাৰীদেহৰ ব্যৱসায়!

নিয়মীয়াবাৰ্তা, ২৭ আগষ্ট : কামৰূপৰ ভিন্ন প্ৰান্তত ৰঘূমলাৰ দৰে গঢ়ি উঠা ধাবাসমুহ শেহতীয়াভাবে নানা অনৈতিক কাৰ্যৰ ঘাটিলৈ পৰ্যবসিত হোৱা কাৰ্যত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধাবাসমুহে অবৈধ সুৰাৰ ৰমৰমীয়া কলা বেহা চলোৱাৰ সমান্তৰালভাবে ভাং-ড্ৰাগছ আৰু নাৰী দেহৰ অবাধ বেহা চলাই সমাজিক পৰিবেশ বিনষ্ট কৰিছে। শেহতীয়াভাবে ধাবাসমুহত নাৰী দেহৰ ব্যৱসায়ীসকল বাহৰ পাতি অঞ্চলটোৰ যুৱচামক টাৰ্গেট কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ কমলপুৰ, দলমা, দিনকৰ, বাইহাটা, কলাজল,  চাংসাৰীৰ বেচিসংখ্যক ধাবাই এতিয়া প্ৰশাসনৰ আওপকীয়া আশীষত ৰমৰমীয়া কলা বেহা চলাই আহিছে। উল্লেখ্য যে ৰাজ্যজুৰি অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিছে যদিও কামৰূপ জিলাত একাংশ অসাধু বিষয়া কৰ্মচাৰীৰ কৃপাত জিলাখনৰ প্ৰান্তে প্ৰান্তে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। আবকাৰী বিভাগে জিলাখনত চেগাচোৰোকাকৈ চুলাইৰ ঘাটি উচ্ছেদ কৰিছে যদিও মুল সুৰাৰ ঘাটি সমুহক বিভাগটোৱে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। জিলাখনৰ ধাবাসমুহ অবৈধ বাৰলৈ পৰ্যবসিত হোৱাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কামৰূপ জিলাৰ ৯০ শতাংশ ধাবাতে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অবাধে  চলিছে। প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ কামৰূপৰ হাজোৰ দহখন ধাবা, কমলপুৰ, বাইহাটা, কলাজল, বাইহাটা চাৰিআলি, চাংসাৰী, চকীগেট, জয়গুৰু আমিনগাঁৱৰ ২৫-৩০খন ধাবা, শুৱালকুছিৰ ছয়টা অবৈধ সুৰাৰ বিক্ৰীৰ ঘাটি, হাজোৰ ধাবাৰ উপৰি ৩০ অবৈধ সুৰাৰ বিক্ৰীৰ ঘাটি, আৰু অন্যান্য প্ৰান্তৰ প্ৰায় ৫০ অবৈধ সুৰাৰ ঘাটিত সুৰাৰ অবাধ বেহা বৰ্তমানো চলি আছে। উত্থাপিত অভিযোগ অনুসৰি কামৰূপ জিলা আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ আশীষতে জিলাখনৰ বিভিন্ন প্ৰান্তত এনে অবৈধ সুৰাৰ বেহা চলি আহিছে। ধাবা আৰু অবৈধ সুৰাৰ ঘাটিসমুহক পৰা মাহিলি হিচাপে বুজন পৰিমানৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। অবৈধ সুৰাৰ বেহা চলোৱা প্ৰতিখন ধাবা আৰু অবৈধ সুৰাৰ ঘাটি সমুহে মাহিলি হিচাপে ধন আবকাৰী আৰু আৰক্ষী প্ৰশাসনক আদায় দিব লাগে বুলিও অভিযোগ উত্থাপিত হৈছে । সেই মৰ্মে একোখন ধাবাই পাচঁ হাজাৰৰ পৰা পোন্ধৰ হাজাৰ টকা আৰু একোটা অবৈধ সুৰাৰ ঘাটিয়ে তিনিৰ পৰা দহ হাজাৰ টকা আৰক্ষী প্ৰশাসন আৰু আবকাৰী  বাহিনীক আদায় দিব লাগে।  শেহতীয়াভাবে চেগাচেৰাকৈ চুলাইৰ ঘাটি উচ্ছেদ কৰিছে যদিও গোপন বুজাবুজি থকা অবৈধ সুৰাৰ ঘাটিসমুহক ৰঙা দলিচা পাৰি দিছে বিভাগটোৱে। অন্যহাতে চুলাইৰ ঘাটি উচ্ছেদ কৰিছে যদিও গোপন বুজাবুজি থকা চুলাইৰ ঘাটি সমুহক অভিযানৰ আগতীয়া তথ্য প্ৰদান কৰাৰো অভিযোগ উঠিছে। এইক্ষেত্ৰত কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।
প্ৰেৰক দীপক দাস
You might also like