গল্লাছেৰাত আক্রমণ, মিজোৰামৰ বিৰুদ্ধে বিক্ষোভ প্রতিবাদ অব্যাহত
নিয়মীয়া বার্তা, ১৬ ফেব্রুৱাৰীঃ সীমা বিবাদক কেন্দ্র কৰি অসম–মিজোৰাম, হাইলাকান্দি জিলাৰ সীমান্তত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে৷ মিজো আগ্রাসনৰ প্রতিবাদ জনাই আন্দোলনৰ কার্যসূচী পালন কৰিছে স্থানীয় ৰাইজে৷ সীমান্ত এলেকাৰ ৰামনাথপুৰ ফ’ৰাম এগেইনষ্ট মিজো আগ্রাসন সংগঠনৰ নেতৃত্বত শতাধিক যুৱকে অলপতে ১৫৪নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্রদর্শন কৰাৰ পিছত তিনিদফীয়া দাবী উত্থাপন কৰি আজি জামিৰাত ৰে’ল অৱৰোধ কৰে৷
তেওঁলোকৰ দাবীসমূহ হ’ল– গল্লাছেৰা এলেকাত অবৈধভাৱে থকা মিজো আৰক্ষী প্রশাসন অসমৰ ভূমিৰ পৰা আঁতৰি যাব লাগিব, গৃহহীন মানুহৰ ঘৰলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰা আৰু মিজো দুর্বৃত্তৰ দ্বাৰা অগ্ণিকাণ্ডত সর্বস্ব হেৰুওৱা গল্লাছেৰা এলেকাৰ প্রত্যেক পৰিয়ালক চৰকাৰীভাৱে ৫ লক্ষ টকা আর্থিক সাহায্য প্রদান, গল্লাছেৰাত আৰক্ষী বেৰেক নির্মাণ কৰা আদি৷
যেতিয়ালৈ দাবীসমূহ পূৰণ নহ’ব, তেতিয়ালৈ মিজোৰামৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ চলিব বুলি হুংকাৰ দিয়ে ফ’ৰামৰ কর্মকর্তাই৷ উল্লেখ্য যে যোৱা সপ্তাহত গল্লাছেৰা গাঁৱত সশস্ত্র মিজো দুর্বৃত্তই পৰিকল্পিতভাৱে আক্রমণ চলাই ২০টা পৰিয়ালৰ ঘৰ–বাৰী জ্বলাই দিয়ে৷
তদুপৰি মিজো দুর্বৃত্তৰ তাণ্ডৱত ৭০টা পৰিয়ালে প্রাণ বচাবলৈ ঘৰ–বাৰী এৰি নিৰাপদ আশ্রয়লৈ পলাই আহে৷ মিজোৰামৰ আৰক্ষীৰ প্রত্যক্ষ সহযোগিতাত দুর্বৃত্তৰ আক্রমণত এগৰাকী মহিলাসহ ৪গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হয়৷