নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ নির্বাচনী দায়িত্বত অংশ ল’বলৈ মঙলদৈ আৰক্ষী ছাউনীত সমৱেত সহস্রাধিক গৃহৰক্ষীৰ জোৱানে আজি বিক্ষোভ প্রকাশ কৰাক লৈ তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ ফলত বহু সময় ধৰি বিৰাজ কৰে বিশৃংখল পৰিৱেশ৷ জিলাখনৰ ১,২০১টা ভোটগ্রহণ কেন্দ্রৰ সুৰক্ষাত নিয়োজিত এই জোৱানসকলে প্রাপ্য ভাত্তা আৰু খাদ্য তথা থকাৰ ব্যৱস্থা নকৰাৰ ক্ষোভত চলোৱা প্রতিবাদৰ সময়ত অর্ধশতাধিক প্লাষ্টিক চকী ভাঙি গুডি কৰাই নহয়, আৰক্ষী–র্ধসামৰিক বাহিনীৰ হাতত মাৰ খাবলগীয়াও হয়৷ লক্ষণীয় যে প্রথম পর্যায়ত ধেমাজিকে ধৰি বিভিন্ন জিলাত ভোটগ্রহণৰ বাবে নিয়োজিত গৃহৰক্ষী বাহিনীৰ জোৱানে চলোৱা প্রতিবাদৰ দৰেই আজি দ্বিতীয় পর্যায়ত ভোটগ্রহণৰ বাবে নিয়োজিত গৃহৰক্ষীৰ জোৱানে মঙলদৈতো প্রতিবাদ সাব্যস্ত কৰে৷
মঙলদৈ মহাবিদ্যালয়ৰ পৰা প’লিং–প্রিজাইডিং বিষয়াসকল ৰাওনা হৈছিল যদিও সুৰক্ষাকর্মীসকল পোনতে সমৱেত হৈছিল আৰক্ষী ছাউনীত৷ ইয়াৰ পৰাই নির্দিষ্ট কৰি ৰখা বাহনত উঠি মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ ১,২০১টা ভোটগ্রহণ কেন্দ্রলৈ ৰাওনা হোৱাৰ কথা আছিল৷ ইতিমধ্যে কালিয়েই মঙলদৈ, ছিপাঝাৰৰ ৫৩টা ভোটগ্রহণ কেন্দ্রলৈ যাত্রা কৰাৰ পাছত আজি বাকী ১,১৪৮টা দলে যাত্রা কৰিবলৈ সাজু হৈছিল৷ পিছে, যাত্রাৰ পূর্বেই অথন্তৰ ঘটিল আৰক্ষী ছাউনীত৷ গৃহৰক্ষী বাহিনীৰ জোৱানে অভিযোগ কৰি কয় যে আজি ৪ দিন পূর্বেই দৰঙলৈ নির্বাচনী দায়িত্বত তেওঁলোকক অনা হৈছিল যদিও আৰক্ষী প্রশাসনে খোৱা–লোৱাৰ কোনো ব্যৱস্থা নকৰিলে৷ আনকি ধেমাজিত দায়িত্ব পালনৰ বাবদ ৫,১০০ টকা দিছিল, কিন্তু দৰঙত মাত্র ৬০০ টকাহে আদায় দিয়ে৷ বাৰে বাৰে বিষয়টো ডি এছ পিক জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদি ‘মন নাথাকিলে গুচি যাওক’ বুলিহে ধমক দিয়ে৷ এইক্ষেত্রত যাবলৈ বাহন নাই, থাকিবলৈ ঠাই নাই আৰু খাবলৈ আহাৰ নোহোৱাৰ ক্ষোভত গৃহৰক্ষী বাহিনীৰ জোৱানে চকী ভাঙি প্রতিবাদ সাব্যস্ত কৰে৷ পিছে, আৰক্ষীৰ হাতত বেয়াকৈ প্রহূত হয় গৃহৰক্ষীৰ জোৱানসকল৷ দুজনী মহিলাও হয় আহত৷ ইপিনে, এই ঘটনাৰ পাছত মঙলদৈ কলেজ চৌহদৰ ভোটকেন্দ্রলৈ যাবলগীয়া সুৰক্ষাকর্মীৰ দলত বহু গৃহৰক্ষীৰ জোৱান যাবলৈ অমান্তি হোৱাত বিপাঙত পৰে আৰক্ষী৷
হোজাই উপায়ুক্ত কার্যালয়ত উত্তপ্ত পৰিস্থিতিঃ নিম্ন পাৰিতোষিক দিয়াৰ অভিযোগ
আজি হোজাইৰ তিনি সমষ্টিৰ ভোটগ্রহণৰ বাবে আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰত ভোটগ্রহণত নিয়োজিত বিষয়া–কর্মচাৰীসক নির্বাচনৰ যাৱতীয় সা–সামগ্রীসমূহ সংগ্রহ কৰিবলৈ জিলা উপায়ুক্তৰ কার্যালয়ত ভিৰ কৰেহি৷ কিন্তু হোজাই জিলা উপায়ুক্তৰ কার্যালয়ৰ হেমাহিৰ বাবে কার্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ ভোটগ্রহণৰ কামত নিয়োজিত কর্মচাৰীয়ে জিলা উপায়ুক্ত মুর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে উপায়ুক্ত কার্যালয় চৌহদ৷ হোজাই জিলাৰ ভিন্ন প্রান্তৰ ভোটগ্রহণ কেন্দ্রলৈ যাবলগীয়া কর্মচাৰীসকলক পুৱা ৭ বজাতে জিলা উপায়ুক্তৰ কার্যালয়লৈ মাতি আনি দীর্ঘ সময় ধৰি কোনো সামগ্রী যোগান নধৰি দিনৰ বাৰ বজালৈকে তেওঁলোকক শাৰী পাতি থিয় কৰাইৰাখি হাৰাশাস্তি চলোৱাৰ অভিযোগ উঠিছে৷ আনকি এইসকলক পুৱা জলপানো যোগান ধৰা নাই, যাৰ বাবে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়৷ ক্ষুব্ধ একাংশ কর্মচাৰীয়ে উপায়ুক্ত মুর্দাবাদ ধ্বনিৰে উত্তপ্ত কৰি তোলে উপায়ুক্তৰ কার্যালয় চৌহদ৷ আন একাংশই উপায়ুক্ত কার্যালয়ৰ তৰফৰ পৰা প্রদান কৰা পাৰিতোষিক আন আন জিলাৰ তুলনাত আধাকৈ দিয়াৰ লগতে প্রশিক্ষণ কালৰ কম পাৰিতোষিক, নিম্ন মানৰ খাদ্য–সামগ্রী যোগান ধৰাৰ অভিযোগ কৰে ৷ উল্লেখ্য যে হোজাই জিলাৰ তিনি সমষ্টিৰ মুঠ ৯৯২টা ভোটগ্রহণ কেন্দ্রত ৯৯২জন প্রিজাইডিং বিষয়াৰ ভিতৰত ৯৯৭জন পুৰুষ আৰু ১৬গৰাকী মহিলাৰ লগতে মুঠ ২,৯৭৬জন প’লিং বিষয়াৰ ভিতৰত ২,৯২৮জন পুৰুষ আৰু ৪৮গৰাকী মহিলা নিয়োগ কৰা হৈছে৷ জিলা প্রশাসনৰ চৰম হেমাহিৰ বাবে সন্ধিয়া পর্যন্ত বহু ভোটগ্রহণ কেন্দ্রৰ বিষয়াসকল জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা নিজ নিজ গন্তব্যস্থানলৈ যাবলৈ সক্ষম হোৱা নাই৷