পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্রতিবাদী বিৰোধীৰ সদন ত্যাগ
নিয়মীয়া বাৰ্তা, ১৩ জুলাই: সোমবাৰৰে পৰা আৰম্ভ হোৱা পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনটোতেই উত্তাল হৈ পৰে সদন৷ পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ বিৰোধীয়ে এক সভা স্থগিত প্রস্তাৱ উত্থাপন কৰে৷ কিন্তু বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্রস্তাৱটো অগ্রাহ্য কৰাত বিৰোধী কংগ্রেছ, এআইইউডিএফ আৰু চিপিআই(এম)ৰ সদস্যসকলে সদন ত্যাগ কৰে৷ বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্রস্তাৱটো অগ্রাহ্য কৰাৰ লগে লগে বিৰোধী সদস্যসকলে হাতে হাতে প্লেকার্ড প্রদর্শন কৰি সদনৰ পৰা ওলাই অহাৰ লগতে সদনৰ বাহিৰতো হাতত প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷
উল্লেখ্য যে সোমবাৰে সদনৰ প্রশ্ণোত্তৰকাল শেষ হোৱাৰ পাছতেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলী ৫৪নং নিয়মৰ অধীনত এক সভা স্থগিত জাননী দিয়াৰ বিষয়টো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক দৃষ্টিগোচৰ কৰে৷ বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে এই সম্পর্কত সদনত কয় যে কালি তেওঁ বিষয়টোৰ ওপৰত কংগ্রেছৰ পৰা এখন, এআইইউডিএফৰ পৰা এখন আৰু চিপিআই(এম)ৰ পৰা এখন জাননী লাভ কৰে৷ তিনিওখন জাননীতে পেট্র’ল–ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰাৰ বিষয়ে উল্লেখ কৰিছে৷ কিন্তু পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰৰ অধীনস্থ নহয়৷ সেয়ে তেওঁ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৭নং নিয়মৰ অধীনত আবেদনকৃত বিষয় গ্রহণযোগ্য নহয় বুলি সিদ্ধান্ত লৈছে৷ অধ্যক্ষ দৈমাৰীৰ এই বক্তব্যৰ বিপৰীতে কংগ্রেছৰ ৰকিবুল হুছেইন, ভৰত নৰহ আদিয়ে বিধানসভাৰ পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি কয় যে প্রথমতে অধ্যক্ষই তেওঁলোকক বিষয়টোৰ গ্রহণযোগ্যতাৰ ওপৰত বক্তব্য ৰাখিবলৈ দিব লাগে৷ তাৰ পাছত চৰকাৰৰ হৈ সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রীয়ে বক্তব্য ৰাখিব৷ দুয়োপক্ষৰ বক্তব্য শুনাৰ পাছতহে অধ্যক্ষই প্রস্তাৱটো অগ্রাহ্য কৰিব পাৰে৷ বিধানসভাত এই পৰম্পৰাৰে সভা স্থগিত প্রস্তাৱ চলি আহিছে৷ সেয়ে তেওঁলোকে সভা স্থগিত প্রস্তাৱটোৰ গ্রহণযোগ্যতাৰ ওপৰত সদনত বক্তব্য ৰখাৰ সুবিধা দিবলৈ অধ্যক্ষক আবেদন জনায়৷ এই সম্পর্কত সদনত অধ্যক্ষ দৈমাৰীয়ে কয় যে তেওঁ অধ্যক্ষ হিচাপে নতুন৷ পৰম্পৰা বেলেগ বিষয় আৰু নিয়ম বেলেগ বিষয়৷ তথাপি সদনৰ পৰম্পৰা অনুসৰি তেওঁ সভা স্থগিত প্রস্তাৱ উত্থাপন কৰাসকলক প্রস্তাৱটোৰ গ্রহণযোগ্যতাৰ ওপৰত বক্তব্য ৰখাৰ সুযোগ দিয়ে৷
সেই অনুসৰি কংগ্রেছ–এআইইউডিএফ আৰু চিপিআই(এম)ৰ প্রতিনিধিয়ে সভা স্থগিত প্রস্তাৱটোৰ গ্রহণযোগ্যতাৰ ওপৰত বক্তব্য ৰখাৰ পাছত সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টো যিহেতু ৰাজ্য চৰকাৰৰ অধীনস্থ নহয়, আন্তর্জাতিক বজাৰৰ মূল্যৰ ওপৰতহে নির্ভৰশীল, সেয়ে প্রস্তাৱটোৰ গ্রহণযোগ্যতাৰ বিৰুদ্ধাচৰণ কৰে৷ অৱশ্যে বিষয়টো সদনৰ মজিয়াত আলোচনাৰ বাবে আন ব্যৱস্থাৰে অনাৰ বাবে বিৰোধীক পৰামর্শ আগবঢ়ায়৷ উভয় পক্ষৰ বক্তব্য শুনাৰ পাছত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে সভা স্থগিত প্রস্তাৱটো খাৰিজ কৰে৷ ইয়াৰ প্রতিবাদত কংগ্রেছ, এআইইউডিএফ আৰু চিপিআই(এম)ৰ বিধায়কসকলে সদন ত্যাগ কৰে৷
ইপিনে, সদনৰ কার্যসূচীৰ শেষত বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ মুখপাত্র তথা সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী পীয়ূষ হাজৰিকাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিৰোধী দলে প্রথমতে কংগ্রেছ আৰু তেওঁলোকৰ সহযোগী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পেট্র’ল–ডিজেলৰ মূল্যৰ খবৰ ৰাখক৷ তাৰ পাছত বিজেপিশাসিত অসমৰ কথা কওক৷ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হোৱাটো আন্তঃৰাষ্ট্রীয় বজাৰৰ ওপৰত নির্ভৰ কৰে৷ ভাৰতৰ প্রতিখন চৰকাৰে বিগত বছৰত পেট্র’ল–ডিজেলৰ ওপৰত ক’ভিড কৰ লগোৱাৰ পাছত অসমেই আছিল একমাত্র ৰাজ্য, যি পেট্র’ল–ডিজেলৰ ওপৰত লগোৱা ক’ভিড কৰ উঠাই লৈছে৷ কংগ্রেছ আৰু তেওঁলোকৰ সহযোগী দল শাসিত ৰাজ্যকেইখনত আজিৰ তাৰিখত পেট্র’ল–ডিজেলৰ মূল্যৰ বিষয়ে সদৰী কৰি মন্ত্রী হাজৰিকাই কয় যে আজিৰ তাৰিখত কংগ্রেছ আৰু তেওঁলোকৰ মিত্রদলৰ শাসিত ৰাজ্য মহাৰাষ্ট্রৰ মুম্বাইত প্রতি লিটাৰ পেট্র’লৰ দাম হৈছে ১০৭.২০ টকা আৰু ডিজেলৰ দাম হৈছে ৯৭.২৯ টকা৷ অৰবিন্দ কেজৰিৱালৰ আম আদমী দল শাসিত ৰাজ্য দিল্লীত পেট্র’লৰ দাম ১০১.১৯ টকা আৰু ডিজেলৰ দাম ৮৯.৭২ টকা৷ কংগ্রেছশাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত পেট্র’লৰ দাম ১০৮.০৩ টকা আৰু ডিজেলৰ দাম ৯৮.৮৫ টকা৷ মমতা বেনার্জীৰ তৃণমূল কংগ্রেছশাসিত ৰাজ্য পশ্চিমবংগৰ কলকাতাত পেট্র’লৰ দাম ১০১.৩৫ টকা আৰু ডিজেলৰ দাম ৯২.৮১ টকা৷ ইয়াৰ বিপৰীতে আজিৰ তাৰিখত অসমৰ গুৱাহাটী চহৰত প্রতি লিটাৰ পেট্র’লৰ দাম ৯৬.৯৮ টকা আৰু ডিজেলৰ দাম ৮৯.০৭ টকা৷ কংগ্রেছশাসিত ৰাজস্থানতকৈ অসমত আজিৰ তাৰিখত প্রতি লিটাৰ পেট্র’লৰ দাম ১২ টকা কম৷ সেয়ে তেওঁ বিৰোধী দলৰ বিধায়কসকলক পেট্র’ল–ডিজেলৰ মূল্যক লৈ প্রশ্ণ কৰাৰ আগতে তেওঁলোকৰ আৰু মিত্রদলসমূহৰ শাসিত ৰাজ্যকেইখনত পেট্র’ল–ডিজেলৰ মূল্য নিয়ন্ত্রণ কৰিবলৈ কোৱাৰ আহ্বান জনায়৷ সেইদৰে মন্ত্রী হাজৰিকাই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰৰ প্রসংগ উত্থাপন কৰি কয় যে ১৯৭৯–১৯৮৬লৈ পেট্র’ল–ডিজেলৰ মূল্য বৃদ্ধিৰ হাৰ আছিল ১১০ শতাংশ৷ ১৯৮৬–১৯৯৩লৈ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ১২০ শতাংশ৷ ১৯৯৩–২০০০ চনলৈ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ ৬০ শতাংশ৷ ২০০০–২০০৭ চনলৈ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ ৭০ শতাংশ৷ ২০০৭–২০১৪ চনলৈ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ ৬৮ শতাংশ৷ ২০১৪–২০২১ চনলৈ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ মাত্র ৩০ শতাংশ৷ ২০১৪–২০২১ চনলৈ যি সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতত বিজেপি চৰকাৰ চলি আছে, সেই সময়ত আটাইতকৈ কম মূল্যবৃদ্ধি হৈছে৷ এনে ক্ষেত্রত শতাংশ হিচাপত বিজেপি চৰকাৰৰ দিনত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি আটাইতকৈ কমকৈ হৈছে বুলি প্রকাশ কৰি মন্ত্রী হাজৰিকাই বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনায়৷
সেইদৰে বিধানসভা পৰিচালনাৰ ক্ষেত্রত পৰম্পৰা আৰু নীতি কোনটোক অগ্রাধিকাৰ দিব সেই সন্দর্ভত সাংবাদিকৰ আগত মন্ত্রী হাজৰিকাই কয় যে বিধানসভাৰ অধ্যক্ষৰ ওপৰত নির্ভৰ কৰি সময়ে সময়ে পৰম্পৰা সলনি হৈ আহিছে৷ বিগত সময়ত চলি থকা পৰম্পৰাৰ সলনি অধ্যক্ষই নীতি অনুসৰিও বিধানসভা চলাব পাৰে৷ এইক্ষেত্রত বিধায়কসকলে অধ্যক্ষৰ আগত প্রচলিত পৰম্পৰাৰ কথা প্রকাশ কৰিব পাৰে৷ কিন্তু কোনেও অধ্যক্ষই ভুল কৰিছে বুলি অভিযোগ কৰিব নোৱাৰে৷ বিধায়ক অখিল গগৈৰ প্রসংগতো সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মন্ত্রী হাজৰিকাই কয় যে বিধায়ক হিচাপে অখিল গগৈ নতুন আৰু তেওঁ বিধানসভাৰ পৰম্পৰা তথা নীতি–নিয়মসমূহৰ বিষয়ে ভালদৰে জ্ঞাত নহয়৷ বিধায়ক হিচাপে গগৈক অন্ততঃ এখন অধিৱেশনত ভাগ লৈ বিধানসভাৰ পৰম্পৰা তথা নীতি–নিয়মসমূহ ভালদৰে জানি ল’বলৈ মন্ত্রী হাজৰিকাই আহ্বান জনায়৷