মৃত্যুৰ ওচৰত হাৰ মানিলে মৃত সন্তান জন্ম দিয়া প্রতিবাদী প্রসূতিয়ে
ডিব্রুগড় মেডিকেলৰ আইচিইউত মৃত্যু কুস্মিতা মৰাঙৰ
নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ মৃত্যুৰ ওচৰত হাৰ মানিলে মৃত সন্তান জন্ম দিয়া লাইকা দধিয়াৰ প্রতিবাদী প্রসূতি কুস্মিতা মৰাঙে৷ ডিব্রুগড়ৰ অসম মেডিকেল কলেজৰ আইচিইউত যোৱা ৫ জানুৱাৰীৰ পৰা জীৱন–মৰণৰ সৈতে যুঁজি থকা প্রতিবাদী মহিলা কুস্মিতা মৰাঙৰ আজি পুৱা কৰুণ মৃত্যু ঘটে৷ তিনিচুকীয়াৰ লেজাই হোলা পথাৰত যোৱা ২১ ডিচেম্বৰৰ পৰা প্রতিবাদ অব্যাহত ৰখা গর্ভৱতী মহিলা কুস্মিতা মৰাং যোৱা ৩১ ডিচেম্বৰত হঠাৎ অসুস্থ হৈ পৰে৷ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডিব্রুগড়ৰ অসম মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয় যদিও দুর্ভাগ্যজনকভাৱে মহিলাগৰাকীৰ গর্ভতেই সন্তানটিৰ মৃত্যু হয়৷ ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰাত আইচিইউত ভর্তি কৰোৱা হয় যদিও আজি পুৱা মহিলাগৰাকীৰ মৃত্যু ঘটে৷ তেওঁৰ মৃতদেহ আজি সন্ধিয়া দধিয়া কুলী গাঁৱৰ নিজ বাসগৃহলৈ নি অন্তিম সৎকাৰ কৰা হয়৷ মৃত্যুৰ সময়ত কুস্মিতা মৰাঙৰ বয়স আছিল ২৪ বছৰ৷ কুস্মিতা মৰাঙক লাইকা দধিয়া পুনৰ সংস্থাপন আন্দোলনৰ দ্বিতীয় শ্বহীদ ৰূপে ঘোষণা কৰিছে পুনৰ সংস্থাপন দাবী সমিতি আৰু টিএমপিকেই৷ সংগঠনকেইটাই মৃত মৰাঙৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷
এই মৃত্যুৰ বতৰাই এতিয়া বিগত ১৯ দিন ধৰি প্রতিবাদ অব্যাহত ৰখা লাইকা দধিয়াৰ প্রতিবাদকাৰীসকলৰ্ মনোবল লৌহ কঠিন কৰি তুলিছে৷ প্রতিবাদকাৰীসকলৰ্ একত্র ঘোষণা– মৃত্যু হ’লে সকলোৰে মৃত্যু হ’ব৷ তথাপি আন্দোলন প্রত্যাহাৰ নহয়৷ এই আন্দোলনত দুগৰাকী মহিলাৰ মৃত্যু হৈছে৷ এই ত্যাগ অথলে যাব দিয়া নহয় আৰু আন্দোলন প্রত্যাহাৰ কৰা নহয় বুলি দৃঢ় ঘোষণা কৰিছে প্রতিবাদকাৰীসকলে৷ ইফালে, কুস্মিতা মৰাঙৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ এক বিবৃতিত গগৈয়ে এই ঘটনা দুর্ভাগ্যজনক বুলি মত প্রকাশ কৰি কয় যে জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জীৱন আৰু ভেটি সুৰক্ষিত কৰিব নোৱাৰাৰ এইটো স্পষ্ট প্রমাণ৷ লাইকা দধিয়াৰ উচ্ছেদিত লোকসকলে হাড় কঁপোৱা জাৰত ১৯ দিন তম্বুৰ তলত থাকি নিজৰ অধিকাৰৰ হকে প্রতিবাদ কৰিবলগীয়া হোৱাটো অতিশয় দুর্ভাগ্যজনক আৰু অকল লাইকা দধিয়াই নহয়, ৰাজ্যৰ অন্যান্য প্রান্ততো মাটি–ভেটিৰ সুৰক্ষাৰ দাবীত সময়ে সময়ে আন্দোলন কৰা লোকৰ সংখ্যা কেইবালাখো হ’ব বুলি গগৈয়ে উল্লেখ কৰি লাইকা দধিয়াবাসীৰ সমস্যা তৎকালে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়৷