নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভূপেন বৰাৰ বিৰুদ্ধে যুৱ মৰ্চাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ জুলাই : ৰঙিয়াত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ ৰঙিয়া সমষ্টি সমিতিৰ উদ্যোগত কেইবাশ কৰ্মীয়ে হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় । যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাণৰ নেতৃত্বত উক্ত প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে ভূপেন বৰা মুৰ্দাবাদ, ভগৱান শ্ৰীকৃষ্ণ আৰু ধৃতৰাষ্ট্ৰক লাভ জেহাদী আখ্যা দিয়া ভূপেন বৰা লেই লেই ছেই ছেই আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সনাতনী সংস্কৃতিৰ আত্মাস্বৰূপ ভগৱান শ্ৰীকৃষ্ণক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে । লগতে শীঘ্ৰে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। সমদলটো নগৰখনৰ মাজমজিয়াৰে পৰিভ্ৰমণ কৰে । পিছত প্ৰতিবাদকাৰীসকলে ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিকৃতি দাহ কৰাৰ সময়ত আৰক্ষীয়ে পানীৰে পুত্তলিকাৰ জুই নুমুৱাবলৈ বিচৰা সময়ত আৰক্ষীৰ সৈতে টনা-আঁজোৰা হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like